আপুনি সঘনাই বাহিৰৰ খাদ্য গ্ৰহণ কৰে নেকি ? যদি আপুনি ৰেষ্টুৰেণ্টত সঘনাই খাদ্য গ্ৰহণ কৰে তেনেহ’লে নিশ্চয় ‘চাৰ্ভিচ চাৰ্জ’ৰ বিষয়ে অৱগত ৷ কিয়নো ৰেষ্টুৰেণ্টৰ বিলত আপুনি আদায় দি আহিছে ‘চাৰ্ভিচ চাৰ্জ’ ৷ কিন্তু আপুনি দিয়া এই চার্জ অবৈধভাৱে গ্ৰহণ কৰি আহিছে ৰেষ্টুৰেণ্টসমূহে ৷ এই কথা প্ৰকাশ কৰিছে গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়ে ৷ ৰেষ্টুৰেণ্টসমূহক বিলৰ ওপৰত ‘চাৰ্ভিচ চাৰ্জ’ আৰোপ নকৰিবলৈ নির্দেশ দি মন্ত্ৰালয়ে এই পদক্ষেপক ‘অবৈধ’ বুলি অভিহিত কৰে। মন্ত্ৰালয়ে প্ৰকাশ কৰে যে তেওঁলোকে অতি সোনকালে এই সন্দর্ভত এক আইনী ব্যৱস্থা প্ৰণয়ন কৰিব ৷ যাৰ জৰিয়তে অন্যান্য বিষয়ৰ লগতে আতিথ্য প্ৰতিষ্ঠানসমূহে এই চাৰ্জ আৰোপ কৰাত বাধা দিব। গ্ৰাহকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে এই পদক্ষেপৰ পৰিকল্পনা কৰা হৈছে।
গ্ৰাহক পৰিক্ৰমা বিভাগে বৃহস্পতিবাৰে হস্পিটেলিটি ইণ্ডাষ্ট্ৰী এছ’চিয়েশ্যন ফেডাৰেচন অৱ হোটেল এণ্ড ৰেষ্টুৰেণ্ট এছ’চিয়েশ্যনছ অৱ ইণ্ডিয়াক ফোনযোগে ৰেষ্টুৰেণ্টৰ বিল সন্দৰ্ভত বিষয়টো আলোচনা কৰে।এফ এইচ আৰ এ আইয়ে পূৰ্বে প্ৰকাশ কৰা এক স্পষ্টীকৰণত কৈছিল যে কথিত ভাষাত ‘টিপ’ নামেৰে জনাজাত সেৱা চাৰ্জ হৈছে গ্ৰাহকসকলে ৰেষ্টুৰেণ্টখন বা অন্যান্য অনুৰূপ প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলক দিয়া ধনৰাশি।
“চাৰ্ভিচ চাৰ্জক এটা উপকাৰী পেমেণ্ট বুলি গণ্য কৰা হয় যিহেতু ই প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকলৰ সুবিধাৰ বাবে কৰা হয়। ৰেষ্টুৰেণ্টসমূহে চাৰ্ভিচ চাৰ্জ সংগ্ৰহ কৰি কোনো অবৈধ বা আইন উলংঘা কৰা নাই ।’-এফ এইচ আৰ এ আইৰ উপ-সভাপতি গুৰবক্সিছ সিং কোহলীয়ে ইয়াৰ পূৰ্বে এক বিবৃতিত এইদৰে কয় ৷
এফ এইচ আৰ এ আইৰ যুটীয়া সন্মানীয় সম্পাদক প্ৰদীপ শ্বেট্টীয়ে কয় যে চাৰ্ভিচ চাৰ্জ লোৱা বা নোলোৱাটো সম্পূৰ্ণৰূপে এখন ৰেষ্টুৰেণ্টৰ বিবেচনাধীন। যদি কোনো অতিথিৰ চাৰ্ভিচ চাৰ্জ পৰিশোধ কৰাত কোনো আপত্তি থাকে, তেন্তে, ইয়াক বিলৰ পৰা আঁতৰাই পেলাব পাৰি ৷ শ্বেট্টিয়ে লগতে কয় যে আনকি আন সেৱা প্ৰদানকাৰীসকলেও গ্ৰাহকক সেৱা প্ৰদানৰ বাবে কিছুমান ‘সুবিধাজনক মাচুল’ লোৱাটো এটা সাধাৰণ প্ৰথা। ৱেবছাইট বা পৰ্টেলৰ জৰিয়তে ৰেল আৰু বিমানৰ টিকট বুকিং কৰা, ৱেবছাইট বা মোবাইল এপৰ জৰিয়তে অৰ্ডাৰ কৰা খাদ্য, বা অনলাইন পৰ্টেলৰ জৰিয়তে বুকিং কৰা চিনেমাৰ টিকটৰ দৰে সেৱাসমূহে গ্ৰাহকৰ ওপৰত সুবিধাজনক মাচুল আৰোপ কৰে।