ড্ৰাইভিং লাইচেন্স নথকাসকলৰ বাবে এটা সুখবৰ। এতিয়া ডি টি অ’ৰ কাৰ্যালয়লৈ নোযোৱাকৈ ঘৰতে কম্পিউটাৰত পৰীক্ষা দিয়েই লাভ কৰিব পাৰিব ড্ৰাইভিং লাইচেন্স।
কিন্তু তাৰ বাবে আপুনি দিব লাগিব অনলাইন পৰীক্ষা। লাইচেন্স লাভৰ প্ৰতি আগ্ৰহীসকলৰ বাবে শুকুৰবাৰে মুকলি কৰি দিয়া হয় এটা ড্ৰাইভিং লাইচেন্স এপ। তেনেই সহজ আৰু চমু প্ৰক্ৰিয়াৰে parivahan.gov.in ত গৈ আবেদন কৰিলে পৰৱৰ্তী তথ্য আপোনালোকে সংশ্লিষ্ট এপটোতে লাভ কৰিব।
অসম চৰকাৰৰ পৰিবহন নিগমৰ অধীনত এই বিশেষ সুবিধা প্ৰদান কৰা হৈছে। উল্লেখযোগ্য যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই এপটো আনুষ্ঠানিক ভাৱে উন্মোচন কৰে।
ঘৰৰ পৰাই মোবাইলতে আবেদন কৰি উপযুক্তজনে লাভ কৰিব ড্ৰাইভিং লাইচেন্স। লগতে যি কোনো জিলা পৰিবহন কাৰ্যালয়ত বাহনৰ ফিটনেছ প্ৰমাণপত্ৰ নবীকৰণ কৰিব পাৰিব। অসমত পঞ্জীয়ন কৰা যান-বাহনৰ সক্ষমতাৰ প্ৰমাণ পত্ৰ নবীকৰণ কৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
সাধাৰণ শ্ৰেণীৰ মানুহে যাতে কোনো দালাল বা মধ্যভোগী নোহোৱাকৈ নিয়াৰিকৈ নিজৰ লাইচেন্স লাভ কৰিব পাৰে তাৰ বাবে এই বিশেষ সুবিধা কৰা হৈছে।
ৰাজ্যৰ আটাইকেইখন জিলাৰ পৰিবহন বিষয়াসকলৰ সৈতে অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ বিশেষ বৈঠকত অনলাইন লাৰ্ণাৰ্চ আৰু ভেহিকল ফিটনেছ এপৰ উন্মোচন সম্পৰ্কে ঘোষণা কৰা হয়।
উল্লেখ্য যে পৰিবহন বিভাগৰ অন্তৰ্ভূক্ত বিভিন্ন সেৱাৰ ভিতৰত ১৮ টা সেৱা অনলাইনযোগে মুকলি কৰা হৈছে। লাৰ্ণাৰ্চ লাইচেন্সৰ জৰিয়তে এই যাত্ৰাৰ শুভাৰম্ভণি কৰাৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।
অহা এটা বছৰৰ ভিতৰত অনলাইন সম্পৰ্কীয় কামবোৰ ভালদৰে সম্পন্ন হ’লে ৰাইজৰ ডি টি অ’ অফিচলৈ অহা কাম ৫০ শতাংশ কমি যাব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।