মাদাৰ টেৰেছাৰ মিছনেৰীজ অফ চেৰিটিয়ে এতিয়াৰ পৰা পুনৰ গ্ৰহণ কৰিব পাৰিব বিদেশী পুজিঁ ৷ এইক্ষেত্ৰত এফ চি আৰ এৰ অধীনত যাৱতীয় অনুমতি প্ৰদান কৰি দাতব্য সংস্থাটোৰ অনুজ্ঞাপত্ৰ পুনৰ নৱীকৰন কৰিছে ৷ কলকাতাস্থিত সংগঠনটোৰ অনুজ্ঞাপত্ৰ দুসপ্তাহ পূর্বে গৃহ মন্ত্ৰালয়ে নৱীকৰণ কৰিবলৈ অস্ৱীকাৰ কৰিছিল ৷ যাৰ ফলত সংস্থাটোৱে তেওঁলোকৰ ২৫০ টা একাউণ্টত বিদেশী পুঁজি লাভ কৰিবলৈ সক্ষম হোৱা নাছিল ৷ এই সংস্থাটোৱে দেশত দৰিদ্ৰ, ৰুগীয়া আৰু নিঃস্বলোকৰ বাবে অনাথ আশ্ৰম আৰু আশ্ৰয় গৃহ স্থাপন কৰি আহি আহিছে ৷ ৷ প্ৰাপ্ত তথ্য অনুসৰি সংশ্লিষ্ট বিভাগক প্ৰয়োজনীয় নথিপত্ৰ দাখিল কৰাৰ পিছত তেওঁলোকৰ অনুজ্ঞাপত্ৰ নৱীকৰন কৰা হৈছিল।
এই সংস্থাটোৰ অনুজ্ঞাপত্ৰ বাতিল কৰিবলৈ প্ৰথমে চৰকাৰে লোৱা সিদ্ধান্তত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ বিৰোধী ৰাজনৈতিক দলৰ নেতাসকলেও চৰকাৰক কঠোৰ সমালোচনা কৰিছিল ৷ আজি সংস্থাটোৰ অনুজ্ঞাপত্ৰ পুনৰ নৱীকৰন কৰাৰ পাছতে তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক অ’ ব্ৰায়েনে এক টুইটযোগে কয় “প্ৰেমৰ শক্তি ৫৬ ইঞ্চিৰ শক্তিতকৈ অধিক শক্তিশালী” ৷ মিছনেৰীজ অৱ চেৰিটিৰ এফচিআৰএ অনুজ্ঞাপত্ৰ বৰদিনৰ দিনাই প্ৰত্যাহাৰ কৰাৰ পাছত বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তীব্ৰ গৰিহণা দিছিল।