কালি ১১ অক্টোৱৰ তাৰিখে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কইনাধৰাত ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণৰ সৌজন্যত সৰ্ব মুঠ ১১ খনৰ ৩ খন basic life care support এম্বুলেন্স সেৱা মুকলি কৰে।
ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰতি ৬০ কিলোমিটাৰৰ আঁতৰে আঁতৰে উপলব্ধ হ’বলগীয়া এম্বুলেন্স সেৱা এতিয়াৰে পৰা ২৪×৭ ঘণ্টাই কাৰ্য্যকৰী হ’ব।
পথ দুৰ্ঘটনাত আঘাত প্ৰাপ্ত লোকসকল এই এম্বুলেন্স সেৱাৰ জৰিয়তে যথেষ্ঠ উপকৃত হ’ব। বৰ্তমান সময়ত পথ দুৰ্ঘটনা বৃদ্ধি পাবলৈ ধৰিছে। ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণৰ এম্বুলেন্স সেৱা এইক্ষেত্ৰত এক শলাগ ল’বলগীয়া পদক্ষেপ।