দিল্লী আবকাৰী নীতিত সংঘটিত অনিয়ম সন্দর্ভত ৰুজু হোৱা গোচৰত মঙলবাৰে পুনৰ দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াৰ বিৰুদ্ধে দিল্লীসহ ৩৫টা স্থানত তালাচী চলায় ৷ আন এজন অভিযুক্ত সমীৰ মহেন্দ্ৰুৰ দিল্লীৰ ঘৰত তালাচী চলোৱা হৈছে ৷ তদুপৰি গুৰুগ্ৰাম, লক্ষ্ণৌ, হায়দৰাবাদ, মুম্বাই, বেংগালুৰুতো অভিযান চলোৱা হৈছে।
আম আদমী পাৰ্টিৰ সূত্ৰই জনোৱা মতে, এতিয়ালৈকে ইডিৰ দলে চিবিআইয়ে তদন্ত কৰি থকা আবকাৰী নীতিৰ গোচৰৰ অভিযুক্ত মনিষ ছিছ’দিয়াৰ ঘৰ বা কাৰ্যালয়লৈ যোৱা নাই।
ইডিৰ অনুসন্ধানত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মনীষ ছিছ’দিয়াই কয়, “প্ৰথমে চিবিআইয়ে অভিযান চলাইছিল, তেওঁলোকে একো পোৱা নাছিল। এতিয়া ইডিয়ে অভিযান চলাই আছে, তেওঁলোকেও একো বিচাৰি নাপাব। অৰবিন্দ কেজৰিৱালে কৰি থকা ভাল কামবোৰ বন্ধ কৰাৰ প্ৰয়াস কৰা হৈছে।তেওঁলোকক চিবিআই, ইডি ব্যৱহাৰ কৰিবলৈ দিয়ক ৷ আমাৰ কাম বন্ধ কৰিব নোৱাৰে।মোৰ হাতত কোনো তথ্য নাই, তেওঁলোকে অধিক স্কুলৰ ব্লুপ্ৰিণ্টহে বিচাৰি পাব।”
ইডিয়ে দিল্লীত আপ চৰকাৰে বলবৎ কৰা নতুন সুৰা নীতি প্ৰস্তুত কৰাত জড়িত থকাৰ অভিযোগ উত্থাপিত হোৱা উৎপাদকসকলকে ধৰি সুৰা ব্যৱসায়ৰ সৈতে জড়িত লোকসকলৰ আৱাসিক আৰু চৰকাৰী চৌহদত তালাচী চলাইছিল।
যোৱা মাহত চিবিআইয়ে মনিষ ছিছ’দিয়াৰ দিল্লীৰ বাসগৃহ, আইএএছ বিষয়া তথা দিল্লীৰ প্ৰাক্তন আবকাৰী আয়ুক্ত আৰাভা গোপী কৃষ্ণৰ বাসগৃহত আৰু ৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আন ১৯টা স্থানত অভিযান চলাইছিল ৷
কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে নিজৰ এজাহাৰত আবকাৰী মন্ত্ৰী মনিষ ছিছ’দিয়াৰ উপৰি প্ৰাক্তন আবকাৰী আয়ুক্ত আৰাভা গোপী কৃষ্ণ, প্ৰাক্তন উপ-আবকাৰী আনন্দ কুমাৰ তিৱাৰী, সহকাৰী আবকাৰী আয়ুক্ত পংকজ ভাটনাগৰ, ৯ জন ব্যৱসায়ী আৰু দুটা কোম্পানীক অভিযুক্ত কৰা হৈছে ৷