ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে সুৰাপায়ী লোকৰ সংখ্যা। এই তথ্য প্ৰকাশ পাইছে অসম বিধানসভাৰ মজিয়াত ৷ আবকাৰী মন্ত্ৰীয়ে প্ৰকাশ কৰিছে এই তথ্য ৷ বিধানসভাত আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই দাখিল কৰা তথ্য অনুসৰি, যোৱা ৫ বছৰত চৰকাৰে সুৰাৰ পৰা সংগ্ৰহ কৰা ৰাজহৰ পৰিমান ১৬ হাজাৰ ৪২৮ কোটি।
ইয়াৰে ২০১৯-২০চনত ২,৬০৬কোটি, ২০২০-২১চনত ২৯৭৭ কোটি, ২০২১-২২চনত ৩০৪৭ কোটি, ২০২২-২৩ চনত ৩,৯৮০ কোটি, ২০২৩-২৪চনৰ জানুৱাৰীলৈ ৩,৮১৬ কোটি টকা ৰাজহ সংগ্ৰহ কৰা হৈছে ৷
ছয়গাও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ লিখিত প্ৰশ্নৰ উত্তৰত বিভাগীয় মন্ত্ৰীগৰাকীয়ে এই তথ্য প্ৰকাশ কৰে ৷ বৰ্তমান অসমত ৩,৩০০ খন সুৰাৰ বিপনী আছে ৷ইয়াৰে বাৰৰ সংখ্যা হৈছে ৯২৩খন ৷ বিলাতী সুৰাৰ দোকান আছে ১৭০৭খন ৷ ইয়াৰ উপৰি ৩৭৩খন আছে দেশীয় সুৰাৰ দোকান।