উৎসৱ মানেই যেন সুৰাৰ বন্যা ৷ প্ৰতিটো উৎসৱৰ সময়তে ৰাজ্যত বৃদ্ধি পায় সুৰাৰ বিক্ৰী ৷ ব্যতিক্ৰম নহ’ল পোহৰৰ উৎসৱ দীপাৱলীও ৷ দীপাৱলীৰ সময়ত সুৰা বিক্ৰীৰ পৰিমানে অভিলেখ ৰচিলে গুৱাহাটী মহানগৰীত ৷ দীপাৱলীৰ দুদিনতে গুৱাহাটীত বিক্ৰী হ’ল ৬,৮৩,১২,৭৬০ টকাৰ সুৰা ৷ প্ৰথম দিনটোত বিক্ৰী হৈছে ৩,৭১,৮৯,৫০০ টকাৰ সুৰা ৷দীপাৱলীৰ দ্বিতীয় দিনটোত বিক্ৰী হৈছে ৩,১১,২৩,২৬০ টকাৰ সুৰা ৷ কেবল গুৱাহাটীতে নহয় , ৰাজ্যৰ আন প্ৰান্ততো যথেষ্ট পৰিমানে সুৰ বিক্ৰী হৈছে ৷ উল্লেখ্য যে ৰাজহ সংগ্ৰহৰ বাবে ৰাজ্যত অধিক সুৰা বিপনীৰ অনুমতি প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে ৷