সাহিত্যক্ষেত্ৰখনৰ জড়িত ব্যক্তিসকলৰ বাবে সুখবৰ লৈ আহিছে অসম প্ৰকাশন পৰিষদে ৷ সৃ্ষ্টিশীল লেখক আৰু প্ৰকাশকসকলক উদ্গনি যোগাবৰ বাবে প্ৰকাশন পৰিষদে চলিত বর্ষৰ পৰা প্ৰদান কৰিব প্ৰকাশন পৰিষদ সাহিত্য বটাঁ ৷ বৃহষ্পতিবাৰে এখন সংবাদমেলত এই কথ সদৰী কৰিছে প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই ৷ তেওঁ প্ৰকাশ কৰা অনুসৰি আজিৰ পৰাই লেখকসকলে আবেদন কৰিব পাৰিব ৷ অনলাইনযোগে লেখক সকলে প্ৰ-পত্ৰ পুৰণ কৰাৰ লগতে প্ৰকাশন পৰিষদলৈ প্ৰেৰণ কৰিব লাগিব গ্ৰন্থৰ ৫ টা কপি ৷ অহা ১০ ডিচেম্বৰৰ ভিতৰত এই প্ৰ-পত্ৰ পুৰন কৰাৰ লগতে গ্ৰন্থৰ কপিসমূহ প্ৰেৰন কৰিব লাগিব ৷ কাব্য সাহিত্য, উপন্যাস আৰু গল্পৰ গ্ৰন্থক এই বটাঁৰ বাবে যোগ্য হিচাপে বিবেচনা কৰা হ’ব ৷ ৫ জনীয়া বিচাৰকমণ্ডলীয়ে গ্ৰন্থসমুহৰ পৰা বাচি উলিয়াব শ্ৰেষ্ঠ গ্ৰন্থ ৷ বিচাৰকৰ বাচনিত শ্ৰেষ্ঠ হিচাপে স্বীকৃতি লাভ কৰা গ্ৰন্থৰ লেখক আৰু প্ৰকাশকক পুৰষ্কৃত কৰিব প্ৰকাশন পৰিষদে ৷ অহা ২৯ ডিচেম্বৰৰ পৰা অনুস্থিত হ’বলগীয়া গ্ৰন্থমেলাৰ সময়তে এই সাহিত্য বটাঁ প্দান কৰা হ’ব ৷ শ্ৰেষ্ঠ গ্ৰন্থৰ লেখক আৰু প্ৰকাশকক ২ লাখ টকাকৈ প্ৰদান কৰিব প্ৰকাশন পৰিষদে ৷ পেছাদাৰী প্ৰকাশকসকলক বটাঁ প্ৰদানৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদান কৰিব প্ৰকাশন পৰিষদে ৷২০১৮ চনৰ ১ জানুৱাৰীৰ পৰা ২০২০ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত গ্ৰন্থসমুহ প্ৰকাশিত হ’ব লাগিব ৷