VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

খানাপাৰাত আৰম্ভ হ’ল পশুধন আৰু হাঁহ-কুকুৰা মেলা, ২০২৩

অহা পাঁচ বছৰত পশুপালনত আত্মনিৰ্ভৰশীল হ’ব অসমঃ অতুল বৰা

voicedesk by voicedesk
February 15, 2023
in মুখ্য সংবাদ
খানাপাৰাত আৰম্ভ হ’ল পশুধন আৰু হাঁহ-কুকুৰা মেলা, ২০২৩
0
SHARES
63
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী ১৫ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা বিভাগ তথা অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰাস্থিত পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত আজিৰে পৰা আৰম্ভ হৈছে ‘পশুধন আৰু হাঁহ-কুকুৰা মেলা’ ২০২৩’। ১৫ ফেব্ৰুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই মেলাৰ আজিৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ পশুপালন মন্ত্ৰী অতুল বৰা, পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়া, উপাধ্যক্ষ পৰেশ বৰকাকতি, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকা, পশুপালন বিভাগৰ প্ৰধান সচিব মনীষ ঠাকুৰ, সচিব অভিজিৎ বৰুৱা, অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ পৰিচালন সঞ্চালক অনিল চন্দ্ৰ দেউৰী, পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ বিজ্ঞানগুৰু ড০ বিবেকানন্দ শইকীয়া, দুগ্ধ উন্নয়ন বিভাগৰ সঞ্চালক কৰুণানন্দ শৰ্মা আৰু পশু চিকিৎসা বিভাগৰ সচিব তথা সঞ্চালক ইন্দিৰা কলিতা।

ভাষণ প্ৰসঙ্গত পশুপালন মন্ত্ৰী অতুল বৰাই পশুধন আৰু হাঁহ-কুকুৰা মেলাৰ তাৎপৰ্যৰ কথা উল্লেখ কৰি এই মেলাই ৰাজ্যৰ কৃষক সমাজক উপকৃত কৰাৰ লগতে নতুন প্ৰজন্মক পশুপালনৰ প্ৰতি আগ্ৰহী কৰি তুলিছে বুলি উল্লেখ কৰে। বৰাই লগতে কয় যে, অসমৰ শিক্ষিত যুৱক-যুৱতীসকলে কেৱল চাকৰিমুখী নহৈ পশুপালনৰ যাৱতীয় প্ৰশিক্ষণ গ্ৰহণ কৰি বিজ্ঞানসন্মত পশুপালনৰ জৰিয়তে স্বাৱলম্বিতাৰ পথ বাছি লওক। অনুষ্ঠানত অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই কয় যে, কুকুৰা পালনত অসমে এক আশাব্যঞ্জক ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে, যাৰ ফলত অসমে আজি মাংসৰ চাহিদা পূৰণ কৰাৰ লগতে বহিঃৰাজ্যলৈ ৰপ্তানি কৰিবলৈ সক্ষম হৈছে।

বিভাগৰ প্ৰধান সচিব গৰাকীয়ে বিভিন্ন জনকল্যাণমূলক আচঁনি, কৰ্মদক্ষতা, উৎপাদন আদিৰ বিষয়ে উল্লেখ কৰাৰ লগতে উপাচাৰ্য বিদ্য়ুৎ চন্দন ডেকাই হাঁহ-কুকুৰা, ছাগলী, গাহৰি আদি পালনৰ জৰিয়তে এটা পৰিয়ালে অতিৰিক্ত উপাৰ্জন কৰাৰ লগতে মহিলা সৱলীকৰণৰ পথ প্ৰশস্ত কৰিব পাৰি বুলি উল্লেখ কৰে। সভাৰ আতঁ ধৰে বিশিষ্ট ধাৰাভাষ্যকাৰ ডা০ অৱণী কুমাৰ চৌধুৰীয়ে। অনুষ্ঠানৰ শেষত বিভাগৰ সচিব তথা সঞ্চালক ইন্দিৰা কলিতাই শলাগৰ শৰাই আগবঢ়ায়। উদ্বোধনী সভাৰ পাছতে মেলাৰ প্ৰদৰ্শণীৰ দ্বাৰ মুকলি কৰে পশুপালন মন্ত্ৰী অতুল বৰাই। উল্লেখনীয় যে, এইবাৰৰ মেলাত দুই শতাধিক বিপনীৰ জৰিয়তে বিভিন্ন প্ৰজাতিৰ পশুধন, হাঁহ-কুকুৰা তথা আলঙ্কৰিক চৰাই প্ৰদৰ্শনৰ লগতে ক্ৰয়-বিক্ৰয়ৰ ব্যৱস্থা কৰা হৈছে।

তাৰোপৰি প্ৰতিদিনে কৃষক তথা আগ্ৰহী যুৱক-যুৱতী সকলৰ বাবে কাৰিকৰী সত্ৰ অনুষ্ঠিত কৰি সংশ্লিষ্ট বিশেষজ্ঞ সকলৰ সৈতে মতবিনিময়ৰ ব্যৱস্থা কৰা হৈছে। মেলাৰ উদ্যোক্তাসকলে তিনিওটা দিনতে ৰাইজৰ উপস্থিতি তথা সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে।

 

Previous Post

ধূলিময় বতৰত বুকু আৰু ডিঙিত সংক্ৰমণ হৈছে নেকি ? চজিনাৰ ফুলেৰে কৰোঁ আহক প্ৰতিৰোধ

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7