দৌল যাত্ৰা উপলক্ষে অহা ২৬ মাৰ্চত কামৰূপ মহানগৰ জিলাত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে ৷অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে এক নির্দেশনা জাৰি কৰি এই বন্ধৰ কথা ঘোষণা কৰিছে ৷ সেইদিনা জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয়, স্কুল, কলেজ বন্ধ থাকিব ৷ বন্ধ থাকিব সকলো চৰকাৰী বিত্তীয় প্ৰতিষ্ঠান যেনে বেংক আদিও ৷
উল্লেখ্য যে সমগ্ৰ দেশৰ গতে অহা ২৫ আৰু ২৬ মার্চত উদযাপন কৰা হ’ব দৌলযাত্ৰা আৰু ফাকুৱা ৷ ইতিমধ্যে ৰাজ্যজুৰি ফাকুৱা উৎসৱৰ আয়োজন কৰা হৈছে ৷ বিশেষকৈ বৰপেটা জিলাত অতি উলহমালহেৰে পালন কৰা হয় এই ফাকুৱা উৎসৱ ৷ সেইদিনা হোলি গীতেৰে মুখৰিত হৈ পৰে ৰাজ্যৰ আকাশ বতাহ ৷