উপ নির্বাচনৰ পাছতে পুনৰ আন এক নির্বাচনলৈ সাজু হৈছে ৰাজ্যৰ ৰাজনৈতিক দলসমূহ ৷ এইবাৰ ৰাজ্যত অনুস্থিত হ’ব স্থানীয় নগৰ নিগম, নিকায় আৰু স্বায়ত্বশাসিত পৰিষদৰ নির্বাচন ৷ ইয়াৰ বাবে উচ্চ পর্যায়ৰ বৈঠক অনুষ্ঠিত কৰি সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ সেই অনুসৰি পৌৰ সভাসমূহৰ নির্বাচন অহা ফেব্ৰুৱাৰীত অনুস্থিত হ’ব ৷ আনহাতে, এপ্ৰিলত অনুস্থিত হ’ব গুৱাহাটী পৌৰ নিগমৰ লগতে কেইবাখনো স্বায়ত্বশাসিত পৰিষদৰ নির্বাচন ৷ এই কথা গুৱাহাটী উচ্চ ন্যায়ালয়ক অৱগত কৰিছে ৰাজ্য চৰকাৰে ৷ কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ লগতে আন কেইবাজনো লোকে দাখিল কৰা ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানিৰ সময়ত ৰাজ্য চৰকাৰে এই কথা উচ্চ ন্যায়ালয়ক সদৰী কৰিছে ৷ ন্যায়ালয়ৰ মজিয়াত সদৰী কৰা অনুসৰি অতি কম সময়ৰ ভিতৰতে স্থানীয় নগৰ নিকায়, নিগম আৰু স্বায়ত্ব শাসিত পৰোষদৰ নির্বাচন অনুস্থিত কৰিব ৰাজ্য চৰকাৰে ৷ ইয়াৰ বাবে শীর্ষ পর্যায়ৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷
তদুপৰি, গুৱহাটী পৌৰ নিগম ,পৌৰসভাসমূহৰ লগতে ঠেঙাল কছাৰী আৰু দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নির্বাচন অনুস্থিত হ’ব বুলি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ৷ বঙাইগাৱত বিজেপিৰ ৰাজ্যিক বিষয় ববীয়াৰ এখন সভাত কালি অংশগ্ৰহণৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে পৌৰ নিগম ,পৌৰসভাসমূহৰ লগতে ঠেঙাল কছাৰী আৰু দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নির্বাচনক লৈ বৈঠকখনত বিভিন্ন দিশ খৰচি মাৰি আলোচনা কৰা হৈছে ৷