কুমাওঁ হিমালয়ৰ গৰি গংগা অঞ্চলত হিমবাহ গলি সৃষ্টি হোৱা ৭৭টা নতুন হ্ৰদ আৱিষ্কাৰ কৰা হৈছে । যাৰ বাবে ৰাজ্যখনত যিকোনো মুহুর্তত জলপ্ৰলয়ৰ সৃষ্টি হ’ব পাৰে ৷ ফলত উত্তৰাখণ্ডৰ বিশাল অঞ্চলৰ জনজীৱন প্ৰভাৱিত হ’ব পাৰে বুলি বিশেষজ্ঞসকলে আশংকা প্ৰকাশ কৰিছে।
কুমাওন বিশ্ববিদ্যালয়ৰ এজন অধ্যাপকে কৰা এক সমীক্ষাত এই ৭৭টা নতুন হ্ৰদ সৃষ্টিৰ তথ্য পোহৰলৈ আহিছে। ৩৫০০ মিটাৰতকৈও অধিক উচ্চতাত অৱস্থিত এই হ্ৰদসমূহ যোৱা তিনিটা দশকৰ ভিতৰত অৰ্থাৎ ১৯৯০ চনৰ পৰা ২০২০ চনৰ ভিতৰত বৰফ গলি সৃষ্টি হোৱা বুলি অনুমান কৰা হৈছে।
উত্তৰাখণ্ডৰ গোৰি গংগা অঞ্চল মূলতঃ মিলাম, গংখা, ৰালাম, লাৱন আৰু মাৰ্তোলি হিমবাহেৰে গঠিত। এই ৭৭টা বিলৰ ভিতৰত আটাইতকৈ ডাঙৰ হ্ৰদটো গোংখাত পোৱা গৈছে। এই হ্ৰদটোৰ আকাৰ প্ৰায় ২.৭ কিলোমিটাৰ।
কুমাওন বিশ্ববিদ্যালয়ৰ অধ্যয়নত উল্লেখ আছে, “ভৱিষ্যত যিকোনো ভূতাত্ত্বিক কাৰ্য্যকলাপৰ ফলত হ্ৰদটোৰ বান্ধটো ফাটি যাব পাৰে। যিয়ে হাৰাপ্পা বানৰ দৰে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে।”
কুমাওন বিশ্ববিদ্যালয়ৰ নাইনিতাল কেম্পাছৰ ভূগোলৰ অধ্যাপক দেৱেন্দ্ৰ পৰিহাৰে কয় যে, ২০২০ চনলৈকে হিমবাহ গলি সৃষ্টি হোৱা ৭৭টা হ্ৰদ আৱিষ্কাৰ কৰা হৈছিল। ইয়াৰে সৰ্বোচ্চ ৩৬টা হ্ৰদ মিলামত, ৭টা হ্ৰদ গংখাত, ২৫টা ৰলামত, ৩টা লাৱানত আৰু ৬টা হ্ৰদ মাৰ্টোলি অঞ্চলত আৱিস্কাৰ কৰা হৈছে । ”
অৱশ্যে এই হ্ৰদসমূহে গোৰি গংগা অঞ্চলতো বিপুল ক্ষতি কৰিব পাৰে বুলি দেৱেন্দ্ৰই কয়। তেওঁৰ ভাষাত “গৰি গংগা অঞ্চলত যোৱা ১০ বছৰত বহু হাৰপ্পা বান দেখা গৈছে। ফলত সম্পত্তি আৰু কৃষিভূমিৰ ব্যাপক ক্ষতি হৈছে। এতিয়া এই হ্ৰদবোৰৰ বাবে যদি হাৰাপ্পা বান আহে তেন্তে ই অঞ্চলটোৰ জনসাধাৰণৰ জীৱন বিপন্ন কৰিব পাৰে।”
সঘনাই হোৱা বানপানীৰ বাবে জিলা প্ৰশাসনে টলি, লুমটি, মাৱানী, ডবৰি, বৰাম, চানা, ভাডেলী, ডানি বাগ, ছেৰা, ৰোপাৰ, ছেৰাঘাট, বাগীচাবগড়, উমাদগড়, বঙাপানী, দেৱীবাগকে ধৰি কেইবাখনো গাঁও দুৰ্যোগ প্ৰৱণ বুলি ঘোষণা কৰিছে।
২০২১ চনৰ নৱেম্বৰ মাহত চামৌলীত হাৰাপ্পা বানৰ বাবে প্ৰায় ২০০ লোকৰ মৃত্যু হৈছিল। উত্তৰাখণ্ড দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ হিচাপ অনুসৰি উত্তৰাখণ্ডৰ উচ্চ পাহাৰীয়া অঞ্চলত এহেজাৰৰো অধিক হিমবাহ আৰু ১২০০ৰো অধিক সৰু হিমবাহ গলি হোৱা হ্ৰদ আছে।