ৰাষ্ট্ৰীয় বঁটা বিজয়ী কলা নির্দেশক নীতিন দেশাইৰ মৃতদেহ বুধবাৰে পুৱা কোৰজাতৰ এন ডি ষ্টুডিঅ’ৰ পৰা উদ্ধাৰ কৰা হয় । ৯ আগষ্টত তেওঁৰ ৫৮ সংখ্যক জন্মদিন আছিল। তাৰ আগতে বলীউডৰ এই বিখ্যাত কলা নির্দেশক গৰাকীয়ে আত্মহত্যা কৰে।
দুটা দশকৰো অধিক সময় ধৰি হিন্দী চিনেমাত কাম কৰি আহিছে তেওঁ । আশুতোষ গৌৰেকাৰ, সঞ্জয় লীলা ভাঞ্চালী, বিধু বিনোদ চোপ্ৰা, ৰাজ কুমাৰ হিৰানীৰ দৰে বহু শীৰ্ষ পৰিচালকৰ সৈতে কাম কৰিছিল তেওঁ ৷ ‘লগান’, ‘হম দিল দে চুকে সনম’, ‘যোধা আকবৰ’, ‘বাজীৰাও মস্তানী’ আদি ছবিত তেওঁ কলা নির্দেশনা কৰিছিল ৷নিতিনে নিজৰ কামৰ বাবে ৰাষ্ট্ৰীয় বঁটাও লাভ কৰে।
নিতিনে নিজেই এন ডি ষ্টুডিঅ’ৰ মালিক য’ত তেওঁ আত্মহত্যা কৰিছে। ২০০৫ চনত তেওঁ মুম্বাইৰ পৰা প্ৰায় ৯০ মিনিট দূৰত্বত ৫২ একৰ মাটিত এই ষ্টুডিঅ’টো নিৰ্মাণ কৰিছিল। ইয়াত ‘যোধা আকবৰ’ৰ দৰে ছবিৰ দৃশ্যগ্ৰহণ কৰা হৈছে। কেৱল সেয়াই নহয়, ‘বিগ বছ’ৰ কেইবাটাও ছিজনৰ শ্বুটিং হৈছে নীতিনৰ ষ্টুডিঅ’ত। তেওঁ কেৱল কলা নির্দেশনাই নহয়, কেইবাখনো ছবি আৰু ধাৰাবাহিকও নিৰ্মাণ কৰিছে। দুয়োটা দিশতে তেওঁ বিপুল সফলতা লাভ কৰিছিল। কিন্তু কিয় হঠাতে তেওঁ আত্মহত্যা কৰিবলৈ সিদ্ধান্ত লৈছিল! কাৰ্জাট সমষ্টিৰ বিজেপি বিধায়ক মহেশ বাল্ডীয়ে কয় যে নীতিনৰ এন ডি ষ্টুডিঅ’ তেওঁৰ সমষ্টিৰ। কেইবাদিনো নিতিনে চৰম আৰ্থিক সংকটৰ সন্মুখীন হৈছিল ৷ সেইবাবেই এই চৰম সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।