কামৰূপ জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত আমিনগাঁওস্থিত কামৰূপ জিলা ন্যায়িক আদালত চৌহদত অহা ১১ ডিচেম্বৰত ৰাষ্ট্ৰীয় লোক-আদালত অনুষ্ঠিত কৰা হ’ব ৷ এই লোক-আদালতত ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, মটৰ দুৰ্ঘটনাৰ ক্ষতিপূৰণ, চেক বাউন্স, ৰাজহ, বেঙ্কৰ ঋণ, বিদ্যুৎ বিল অনাদায় ইত্যাদি বিভিন্ন গোচৰৰ আপোচ-মীমাংসাৰ জৰিয়তে সহজ নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে৷ ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই লোক আদালতত গোচৰ নিষ্পত্তিৰ বাবে ভাৰ্চুৱেল অৰ্থাৎ অনলাইন আৰু ব্যক্তিগত উপস্থিতি উভয় মাধ্যমৰ ব্যৱস্থা থাকিব ৷
যিসকল লোকে ইতিমধ্যে আদালত বা বেংক অথবা বিদ্যুৎ বিভাগৰ পৰা জাননী পাইছে তেওঁলোকক গোচৰ নিষ্পত্তিৰ বাবে সংশ্লিষ্ট আদালত বা বিভাগৰ লগত যোগাযোগ কৰিবলৈ কামৰূপ জিলা আইন সেৱা প্ৰাধিকাৰীৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে৷ অধিক তথ্য জানিবৰ বাবে জনসাধাৰণে ৯৫৩১২-৮৮৮৬৭ আৰু ৯৮৫৪০-৮৪১৫২ নম্বৰত ফোন বা হোৱাটছএপ কৰাৰ লগতে [email protected] ত ই-মেইল কৰিব পাৰে৷