প্ৰশ্ন সোধাৰ বাবে উদ্যোগপতিৰ পৰা উংকোচ গ্ৰহণৰ অপৰাধতত লোকসভাৰ সদস্য হিচাপে অযোগ্য ঘোষণা কৰা হৈছে সাংসদ মহুৱা মৈত্ৰক। আজি তেওঁৰ সাংসদ পদ খাৰিজ কৰা হয় ৷ নৈতিকতা সমিতিৰ প্ৰতিবেদন দাখিল কৰাৰ পিছত তৃণমূল, কংগ্ৰেছ আদি বিৰোধী দলসমূহে প্ৰতিবেদনখন পঢ়িবলৈ কিছু সময় বিচাৰিছিল। অধ্যক্ষই সময় নিদিলে। আনকি মাহুৱাক একো ক’বলৈও সুযোগ নিদিলে। আলোচনাৰ অন্তত ভোটদানত তেওঁৰ সাংসদৰ পদ নাকচ কৰা হয়। ভোটদানৰ জৰিয়তে লোকসভাত অধ্যক্ষই এই প্ৰস্তাৱ গৃহীত কৰে।
লোকসভাৰ নৈতিকতা সমিতিয়ে প্ৰতিবেদনত মহুৱাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ আগবঢ়াইছে। কোৱা হৈছে যে মহুৱাই অবৈধভাৱে ধন লোৱাটো এটা প্ৰতিষ্ঠিত তথ্য। সেই কথা অস্বীকাৰ কৰিব নোৱাৰি। সাংসদ হিচাপে তেওঁৰ আচৰণ অনৈতিক। সেই কাৰণে নৈতিকতা সমিতিৰ মতে তেওঁক লোকসভাৰ পৰা বহিষ্কাৰ কৰা উচিত। তেওঁৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱাৰো পৰামর্শ আগবঢ়াইছে কমিটীয়ে ৷