কাইলৈ ঘোষণা কৰা হ’ব চলিত বর্ষৰ লোকসভা নির্বাচনৰ বহু প্ৰত্যাশিত ফলাফল ৷ সমগ্ৰ দেশৰ লগতে অসমতো যাৱতীয় প্রস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে ভোটগণনাৰ ।
মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে শেহতীয়াকৈ এখন সংবাদমেলত প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যখনৰ ৫২ টা ভোটগণনা কেন্দ্ৰৰ বিপৰীতে ১৫২ টা ভোটগণনা কক্ষৰ ব্যৱস্থা কৰা হৈছে। মুঠ ভোটগণনা টেবুলৰ সংখ্যা ১,৯৪১ খন। সমষ্টি বিশেষে ভোটগণনা হ’ব ১০-২৮ ৰাউণ্ডৰ ভিতৰত। ভোটগণনা’ প্ৰক্ৰিয়াৰ বাবে নিয়োজিত কৰা হ’ব ৫,৮২৩ গৰাকী বিষয়া-কর্মচাৰী।
মন কৰিবলগীয়া যে ভোটগণনাত নিয়োজিত হ’বলগীয়া বিষয়া কর্মচাৰীসকলে কোন সমষ্টিৰ কোন ভোটগণনা কেন্দ্রৰ দায়িত্ব পাব সেয়া অহা আজি অৱগত কৰা হ’ব আৰু ভোটগণনাৰ দিনা পুৱা কেন্দ্ৰত উপস্থিত হোৱাৰ পাচতহে তেওঁলোকক দায়িত্ব কক্ষ আৰু টেবুলৰ কথা জনোৱা হ’ব। কাইলৈ পুৱা ৮ বজাৰ ভিতৰত ডাকযোগে পোৱা ভোটসমূহো গণনা কৰা হ’ব। ইতিমধ্যে তেনেদৰে ৮ লাখ ২৮ হেজাৰ ২৯৯খন বেলট পেপাৰ পোৱা গৈছে।
ভোট গণনাপর্ব স্বচ্ছ আৰু নিকা ৰূপত অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যিক মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে যাৱতীয় সহযোগিতা আগবঢ়াবলৈ ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধান আৰু গৃহ বিভাগৰ প্ৰধান সচিবক আহ্বান জনাইছে ৷ জিলা আযুক্ত আৰু আৰক্ষী অধীক্ষকসকলকো এইক্ষেত্রত ব্যৱস্থা ল’বলৈ নির্দেশ দিয়া হৈছে। ফলাফলক লৈ উৎসুক ৰাজ্যখনৰ জনগণে ভোটগণনাৰ ৩-৪ ঘণ্টাৰ পাচতেই ফলাফলৰ অগ্রগতিৰ সম্ভেদ লাভ কৰিব পাৰিব আৰু বিয়লি তিনি বজাৰ পাচত ফলাফল প্ৰকাশ পাব।