পাহাৰ নে সাগৰ? ভ্ৰমণৰ কথা আহিলে সাধাৰণতে এই দুটা পছন্দক লৈ প্ৰশ্ন উত্থাপন হয়। কিন্তু ইয়াৰ বাহিৰেও অৰণ্য, মৰুভূমি, গুহা, নদী, হ্ৰদ আদি থকা স্থানো আপুনি ভ্ৰমণৰ বাবে বাচি ল’ব পাৰে । ভাৰতৰ বিভিন্ন ৰাজ্যত বিশাল হ্ৰদ আছে, যাৰ চাৰিওফালে চহৰ আৰু পৰ্যটন কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে। প্ৰতিটো হ্ৰদ বৈশিষ্ট্য বেলেগ বেলেগ। তেনে এটি আকর্ষনীয় হ্ৰদ হৈছে মণিপুৰৰ লোকটক হ্ৰদ ৷
হ্ৰদৰ লগতে আছে এখন ৰাষ্ট্ৰীয় উদ্যান! লোকটক হ্ৰদৰ এয়া বৈশিষ্ট্য। দূৰৰ পৰা দেখিলে এনে লাগে যেন তাত অসংখ্য সেউজীয়া বৃত্ত গঠন হৈছে। এই ভাসমান বৃত্তবোৰক ফুমডিছ বোলা হয়। ই গছ-গছনি, মাটি আৰু জৈৱিক পদাৰ্থৰে গঠিত এটা ভাসমান গোলক। দীৰ্ঘদিন ধৰি বিভিন্ন ধৰণৰ জৈৱিক পদাৰ্থৰ পচনৰ ফলত সেই ঠাইৰ মাটি আৰু গছ-গছনিৰ কিছু অংশ জমা হৈ হ্ৰদটোৰ বিভিন্ন ঠাইত এনে ঘূৰণীয়া অংশ গঠন কৰে। এই ঘূৰণীয়া অংশসমূহ ইমানেই শক্তিশালী যে ইয়াৰ ওপৰেৰে খোজ কাঢ়ি যাব পাৰি ৷
বিষ্ণুপুৰ জিলাৰ মৈৰাঙত অৱস্থিত লোকটক হ্ৰদ। মণিপুৰৰ ৰাজধানী ইম্ফলৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় ৩৯ কিঃমিঃ। প্ৰায় ২৮৬ বৰ্গ কিলোমিটাৰ এলেকাত বিস্তৃত হ্ৰদটো। পাহাৰেৰে আগুৰি থকা বৃহৎ হ্ৰদটো গোটেই দিনটো চৰাইৰে ভৰি থাকে। থকাৰ বাবে হ্ৰদটোত ভাসমান হোম ষ্টে আছে। এনে হোমষ্টেত থাকি, পুৱা আৰু দুপৰীয়া, গধূলিৰ সৌন্দৰ্য্য উপভোগ কৰিব পৰা যায় ৷
লোকটকত আছে বিশ্বৰ একমাত্ৰ ভাসমান ৰাষ্ট্ৰীয় উদ্যান কেইবুল লামজো ৰাষ্ট্ৰীয় উদ্যান। ইয়াত সাংগাই হৰিণ বা নৃত্য কৰা হৰিণ দেখা যায় । এই হ্ৰদটোৰ ৰূপ প্ৰতিটো ঋতুতে বেলেগ বেলেগ। পদুম ফুলিলে হ্ৰদটো গোলাপী হৈ পৰে।
ব্যস্ত জীৱনৰ পৰা কেইদিনমান ছুটী পালে এই হ্ৰদটো চাব পাৰিব। বিশাল পানীৰ বুকুত ভাঁহি থকা, চৰাইৰ গতি, আকাশৰ ৰঙৰ খেলা-ধূলাবোৰে আপোনাৰ মনটো ভৰাই তুলিব ৷
কেনেকৈ আহিবা?
বিমানেৰে ইম্ফললৈ আহি গাড়ীৰে লোকটকলৈ যাব পাৰি। গুৱাহাটীৰ পৰাও ৰাস্তাৰে ইম্ফললৈ আহিব পাৰে।