গুৱাহাটী তথা উত্তৰ গুৱাহাটী সংযোগী ৰ’পৱে’ সম্পূৰ্ণ কৰিলে এটা বছৰ। ব্ৰহ্মপুত্ৰ নদীৰ দুয়োটা পাৰ সংযোগ কৰা এই ৰ’পৱ” হৈছে দেশৰ ভিতৰতে আটাইতকৈ দীঘল নদীৰ ৰ’পৱে’ । উল্লেখযোগ্য যে এই ৰ’পৱে’ৰ জৰিয়তে এবছৰত ২.৫ লাখতকৈও অধিক লোকে যাত্ৰা কৰিছে বুলি জানিব পৰা গৈছে।
ক’ভিড-১৯ ৰ দুৰ্যোগৰ সময়ত অসমৰ যাতায়ত ব্যৱস্থা বহু পৰিমাণে পিছ পৰি গৈছিল। কিন্তু গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ দুয়োপাৰ সংযোগ কৰা এই ৰ’পৱে’ ৰ নতুন ব্যৱস্থাই অলপ হ’লেও আশাৰ বতৰা কঢ়িয়াই আনিছে বুলি ক’ব পৰা যায়। প্ৰাপ্ত তথ্য মতে বিগত পাঁচ মাহত এই ৰ’পৱেৰ জৰিয়তে এক বৃহৎ সংখ্যক যাত্ৰীক অনা –নিয়া কৰা হৈছে ।

উল্লেখ্য যে কৰ’মা অতিমাৰীৰ প্ৰথম ঢৌৰ পাছত সকলো ব্যৱস্থা অলপ শিথিল হঁওতে গুৱাহাটীৰ এই ৰ’পৱে’ৰ জৰিয়তে বহুতো পৰ্যটকেও যাত্ৰা কৰিছিল বুলি জানিব পৰা গৈছে।
২০২০ চনৰ আগষ্ট মাহত সেই সময়ৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিক ভাৱে এই ৰ’পৱে’ মুকলি কৰিছিল। কৰ’নাৰ প্ৰভাৱৰ বাবে প্ৰথম অৱস্থাত কিছুসময় ৰ’পৱে’ৰ সেৱা বন্ধ ৰখা হৈছিল। কিন্তু এই সেৱা মুকলি কৰি দিয়াৰ পাছত অতি কম সময়ৰ ভিতৰতে ই এক সফল পৰিবহণ ব্যৱস্থা হিচাপে পৰিগণিত হ’ল। উল্লেখ্য যে ৫৬ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰি উলিওৱা হৈছিল গুৱাহাটীৰ দুয়োটা পাৰ সংযোগী এই ১৮২০ মিটাৰ দীঘল ৰ’পৱে’ ।
