বিহাৰত সংঘটিত ৰে’ল দুর্ঘতনাত নিহত হোৱা অসমৰ উষা ভাণ্ডাৰী আৰু তেওঁৰ ৮ বছৰীয়া কন্যা আকৃতি ভাণ্ডাৰীৰ মৃতদেহ আজি শদিয়াস্থিত বাসগৃহলৈ অনা হয় ৷ আজি পুৱাৰ ভাগত তেওঁলোকৰ নশ্বৰদেহ লৈ অহা হয় ৷ এখন এম্বুলেঞ্চেৰে তেওঁলোকৰ মৃতদেহ লৈ অহা হয় শদিয়াৰ বাসগৃহলৈ ৷ তেওঁলোকৰ মৃতদেহ অনাৰ লগে লগে শদিয়াৰ ঘৰখনত শোকাকুল পৰিৱেশে বিৰাজ কৰে ৷ ওপজা গাৱঁতে তেওঁলোকৰ শেষকৃত্য সম্পন্ন কৰা হয় ৷
ইপিনে, আজি উষা ভাণ্ডাৰী আৰু আকৃতি ভাণ্ডাৰীৰ মৃতদেহ এটা কফিনতে ভৰাই ৰে’ল কতৃপক্ষই প্ৰেৰণ কৰাক লৈ স্থানীয় লোকসকলে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ৷ স্থানীয় লোকসকলে এই কার্যক ৰেল’বিভাগৰ হেমাহি বুলি অভিহিত কৰিছে ৷
উল্লেখ্য যে কর্মসূত্ৰে স্বামী আৰুদুই কন্যাৰ সৈতে দিল্লীত বাস কৰিছিল উষা ভাণ্ডাৰীয়ে ৷ নর্থ ইষ্ট এক্সপ্ৰেছৰে ঘৰলৈ আহি থকা অৱস্থাতে বিহাৰত ৰে’লখন দুর্ঘটনাগ্ৰস্ত হয় ৷