আজি পুৱা গৃ্হভূমি অসমত উপস্থিত হ‘ল অসমৰ প্ৰথম অলিম্পিক বিজয়ী বক্সাৰ লাভলীনা বৰগোঁহাই । ঐতিহাসিক বিজয় সাব্যস্ত কৰি নিজ ৰাজ্যলৈ উভটি অহা লাভলীনাক আদৰিবলৈ অগণন গুণমুগ্ধই বৰঝাৰ বিমান বন্দৰত ভিৰ কৰা পৰিলক্ষিত হ‘ল।
গোপীনাথ বৰদলৈ বিমান বন্দৰত উপস্থিত হোৱাৰ পিছতেই মুখ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাই লাভলীনাক উষ্ম আদৰণি জনায় । টকিঅ’ অলিম্পিকত ব্ৰঞ্জ পদক লৈ উভটি অহা লাভলীনাক বিমান বন্দৰত বিপুল সম্বৰ্থনা জনোৱা হ’য়।
ইয়াৰ উপৰিও সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু ক্ৰীড়া মন্ত্ৰী বিমল বড়াই খেলুৱৈ গৰাকীক উষ্ম আদৰণি জনাই অভিনন্দন জ্ঞাপন কৰে।
আজি এই গৌৰৱৰ মূহুৰ্ত্বত অসমবাসীৰ মৰম দেখি লাভলীনাই আৱেগিক হৈ উচুপি উঠা দেখা গ‘ল।খবৰ অনুসৰি বিমান বন্দৰৰ পৰা পোনে পোনে লাভলীনাই হোটেল তাজলৈ ৰাওণা হ‘ব।
সোণৰ পদক আনিব নোৱাৰি দুখ অনুভৱ কৰা ব্ৰঞ্জকন্যা গৰাকীয়ে অসমবাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰি কয় যে‘ ’’মই দুঃখিত যে মই আপোনালোকৰ কাৰণে সোণ আনিব নোৱাৰিলো।”