শিশুটিৰ বৃদ্ধিৰ বাবে পিতৃ-মাতৃৰ চিন্তাৰ অন্ত নাই। বেছিভাগ পিতৃ-মাতৃয়ে শিশুৰ স্বাস্থ্য, পুষ্টি আৰু বুদ্ধিমত্তাৰ বিকাশৰ বিষয়ে সদায় সচেতন। শিশুৰ মগজুৰ বিকাশৰ বাবে পুষ্টিকৰ খাদ্য খোৱাটো অতি প্ৰয়োজনীয়। কিন্তু গৱেষকসকলৰ মতে, কেৱল খাদ্যই নহয়, মগজুৰ বিকাশ বহুখিনি নিৰ্ভৰ কৰে তেওঁলোকৰ সৈতে দিনটোৰ বিভিন্ন কথা-বতৰাৰ ওপৰত। অন্ততঃ শেহতীয়া গৱেষণাই সেইটোৱেই প্ৰমাণ কৰিছে । ইয়াত কোৱা হৈছে যে শিশুৱে কথা ক’বলৈ বা কঠিন খাদ্য খাবলৈ আৰম্ভ কৰাৰ আগতে পৰিয়ালৰ সদস্যৰ কথা শুনি মগজুৰ বিকাশ হ’বলৈ আৰম্ভ কৰে। শেহতীয়াকৈ এই তথ্য প্ৰকাশ পাইছে ‘দ্য জাৰ্নেল অৱ নিউৰ’ছায়েন্স’ত।
ইষ্ট এংলিয়া বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞানৰ শিক্ষক তথা গৱেষক জন স্পেন্সৰৰ মতে, এই অধ্যয়নত অংশগ্ৰহণ কৰা ১৬৩টা শিশুৰ কাণত তিনিদিন ধৰি অডিঅ’ ৰেকৰ্ডাৰ লগাই শিশুসকলৰ পিতৃ-মাতৃ বা পৰিয়ালৰ সদস্যৰ সৈতে হোৱা কথা-বতৰা আৰু শব্দসমূহ ৰেকৰ্ডিং কৰা হৈছিল ৷ তাৰ চাৰিওফালে বিভিন্ন শব্দ আৰু তাৰ ফলত শিশুসকলৰ প্ৰতিক্ৰিয়া ধৰি ৰখা হৈছিল ৷ সকলো শিশুৰ বয়স ৬ৰ পৰা ৩০ মাহৰ ভিতৰত। এই ক্ষেত্ৰত মগজুৰ বিকাশ কেনেকুৱা হৈছে চাবলৈ গৱেষকসকলে শিশুসকলৰ মগজুৰ স্কেন কৰে।
তেওঁলোকে প্ৰায় প্ৰতিটো স্কেনতে ‘মাইলিন’ নামৰ এক বিশেষ ধৰণৰ স্নায়ুৰ অস্তিত্ব বিচাৰি পাইছিল। তেওঁলোকে কয় যে এই ‘মাইলিন’ সাধাৰণতে স্নায়ুকোষৰ ভিতৰত বৃদ্ধি হৈ এটা কোষৰ পৰা আন এটা কোষলৈ যোগাযোগ ব্যৱস্থা শক্তিশালী কৰে। ভাষা আৰু ইয়াৰ ভিত্তিত বৃদ্ধি পোৱা ‘মাইলিন’ৰ পৰিমাণ চোৱাৰ পিছতহে গৱেষকসকলে শিশুৰ মগজুৰ বিকাশৰ বিষয়ে নিশ্চিত হৈছিল।” গতিকে, শিশুৰ মগজুৰ বিকাশৰ বাবে সৰুৰে পৰাই তেওঁলোকৰ লগত কাহিনী বা গান কৈ কথা পতাটো প্ৰয়োজনীয়।