ৰামপ্ৰকাশ ভাদুৰিয়া নামৰ অষ্টম শ্ৰেণীৰ এজন ছাত্ৰই অনলাইন ক্লাছ কৰি থকাৰ সময়তে হঠাৎ মোবাইল ফোন বিস্ফোৰণ হৈ আঘাতপ্ৰাপ্ত হয় ৷
১৫ বছৰীয়া ছাত্ৰ ৰামপ্ৰকাশে স্কুলৰ অনলাইন ক্লাছ কৰি থকাৰ সময়তে এই ঘটনা সংঘটিত হয় বুলি মধ্য প্ৰদেশৰ চাটনা জিলাৰ আৰক্ষীয়ে জানিবলৈ দিয়ে৷
জিলাখনৰ মূখ্য কাৰ্য্যালয়ৰ পৰা প্ৰায় ৩৫ কিল’মিটাৰ দূৰত অৱস্থিত চান্দুকিয়া গাৱঁত বৃহস্পতিবাৰে এই দুৰ্ঘটনা সংঘটিত হয় ৷ অষ্টম শ্ৰেণীৰ ছাত্ৰ ৰামপ্ৰকাশে অনলাইন ক্লাছ কৰি থকা অৱস্থাতে হঠাৎ ফোনটোৰ বিস্ফোৰণ ঘটে আৰু মূখমণ্ডলত আঘাতপ্ৰাপ্ত হয়৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত ঘৰত অকলে আছিল ৰামপ্ৰকাশ ৷ মোবাইল বিস্ফোৰণৰ শব্দ ইমানেই ডাঙৰ আছিল যে শব্দ শুনি কি হৈছে চাবলৈ ওচৰ চুবুৰীয়া দৌৰি আহিছিল ৷ চুবুৰীয়াই ততাতৈয়াকৈ স্থানীয় আৰক্ষীক খবৰ দিয়ে আৰু ৰামপ্ৰকাশক চাটনা জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে জবলপুৰলৈ প্ৰেৰণ কৰা হয় আঘাতপ্ৰাপ্ত ছাত্ৰগৰাকীক ৷