শৰৎ মানেই নিৰ্মল আকাশ ,শৰৎ মানেই কঁহুৱা ফুলাৰ বতৰ। টোপ টোপকৈ পৰা নিয়ৰৰ টোপালে সিঁচি দিয়া আচ্ছাদনে দিয়ে শৰৎ আগমনৰ বতৰা। শৰৎ মানেই উৎসৱৰ বতৰ। বিশেষকৈ শাৰদীয় দুৰ্গোৎসবলৈ সকলোৱে অপেক্ষা কৰি ৰয়। কভিড পৰিস্থিতিৰ বাবে যোৱা বছৰটোত দুৰ্গা পূজাৰ আনন্দ কিছু ম্লান পৰিছিল যদিও এইবাৰ দুৰ্গা পূজা উদযাপনৰ বাবে পুনৰ সাজু হৈছে ৰাজ্যবাসী। কাইলৈ মহালয়া। বিশ্বাস অনুসৰি মহালয়াৰ দিনটোত ধৰাৰ বুকুলৈ নামি আহে মা দুৰ্গা। পৰম্পৰা অনুসৰি মহালয়াৰ দিনটোত ভক্তসকলে পুৱা ঘৰৰ বাহিৰলৈ ফুৰিবলৈ ওলাই আহে। বহু ভক্তই এই দিনটোত পূৰ্বজসকলক শ্ৰদ্ধা ও জ্ঞাপন কৰে। এইবাৰ দুৰ্গা দেৱীৰ ঘোঁৰাত আগমন ঘটিছে ধৰালৈ।
মহালয়া উদযাপন কৰাৰ লগে লগে ৰাজ্যত আৰম্ভ হব দুৰ্গা পূজাৰ আনন্দ। অৱশ্যে দুৰ্গা পূজা উদযাপনৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে জাৰি কৰিছে কেতবোৰ নীতি নিৰ্দেশনা। দুৰ্গা পূজা উদযাপনৰ বাবে অনুমতি প্ৰদান কৰিলেও সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অধিকাংশ পূজা কমিটিয়ে জাকজমকীয়া ভাবে দুৰ্গা পূজা উদযাপন নকৰে বুলি প্ৰকাশ কৰিছে। ইয়াৰ বিপৰীতে পৰম্পৰা ৰক্ষা কৰি কেৱল ধৰ্মীয় ৰীতি নীতি সমূহ পালন কৰিহে দুৰ্গা পূজা উদযাপন কৰিব। যাৰ বাবে এইবাৰ নাথাকিব বৃহৎ পেণ্ডেল। নাথাকিব জাকজমকীয়া অলকসজ্জা