মহাৰাষ্ট্ৰৰ গাডচিৰোলি আৰু চন্দ্ৰপুৰ জিলাত সন্ত্ৰাসৰ সৃষ্টি কৰা এটা প্ৰকাণ্ড বাঘ বন্দী কৰিবলৈ সক্ষম হৈছে বন বিভাগ ৷ মহাৰাষ্ট্ৰৰ বন বিভাগে বৃহস্পতিবাৰে চিটি-১ নামেৰে চিনাক্তকৰণ কৰা বাঘটোক ট্ৰেংকুলাইজ কৰি বন্দী কৰে ৷ জিলা দুখনত বাঘটোৰ আক্ৰমণত ১৩ জন লোক নিহত হৈছিল ৷
ইয়াত গাডচিৰোলীৰ ৱাডছা বনাঞ্চলত বাঘটোৱে বিচৰণ কৰি মানুহক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল ৷ বাঘটোৱে ৱাডছাত ছয়জন, ভাণ্ডাৰাত ৪জন আৰু চন্দ্ৰপুৰ জিলাৰ ব্ৰহ্মপুৰী বনাঞ্চলত তিনিজন লোকক হত্যা কৰিছিল। প্ৰধান মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) নাগপুৰে ৪ অক্টোবৰত এখন বৈঠকত উগ্ৰ বাঘ চিটি-১ ধৰিবলৈ নিৰ্দেশ দিছিল। সেই অনুসৰি তাডোবা বাঘ উদ্ধাৰকাৰী দল, চন্দ্ৰপুৰ, নৱেগাঁও-নাগজিৰাৰ ৰেপিড ৰেচপন্স টিম আদি ইউনিটে বাঘটোক ধৰিবলৈ যুদ্ধ-কালীন গতিৰে কাম কৰিছিল। বৃহস্পতিবাৰে পুৱা ইয়াক শান্ত কৰি ৱাডছা বনাঞ্চলৰ পৰা বন্দী কৰা হয় ৷
বাঘটো প্ৰায় ১৮৩ কিলোমিটাৰ দূৰত থকা নাগপুৰৰ গোৰেৱাডা উদ্ধাৰ কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে বুলিও বন বিভাগে কয় ৷