আজি মহা সপ্তমী।মা দুৰ্গাৰ আজিৰ ৰূপটো হ’ল—‘কালৰাত্ৰি’।এন্ধাৰৰ নিচিনা ক’লা দেৱীৰ গাৰ বৰণ। তেওঁৰ কেশ বিন্যাস বিনস্ত্য , কণ্ঠত বিদ্যুতৰ চমক যেন উজ্বল মালা।অগ্নি বৃষ্টি হোৱাৰ দৰে দেৱীৰ তিনিটা চকু। কালৰাত্ৰি দেৱী চতুৰ্ভূজা আৰু এই গৰাকী দেৱীৰ বাহন গাধ।দেৱীৰ সোঁফালৰ হাতত বৰমুদ্ৰা , তলৰ হাতত অভয় মুদ্ৰা , বাওঁফালৰ ওপৰৰ হাতত লোৰ কাঁটা আৰু তলৰ হাতত খড়্গ বিৰাজমান।কালৰাত্ৰি দেৱীৰ মূৰ্তি ইমানেই ভয়ংকৰ যে দেখিলেই অশুভ শক্তি ভয়তে কম্পমান হয়। তথাপিও এই গৰাকী দেৱীয়ে সকলো সময়তে শুভ ফলেই প্ৰদান কৰে আৰু তেওঁ স্বাভাৱতে অত্যন্ত দয়ালু। সেয়েহে , দেৱীৰ এই ভয়ংকৰ মূৰ্তি দেখিও ভক্তগণ আতংকিত নহয় কেতিয়াও।দেৱীৰ এই ভয়ংকৰ ৰূপ দৈত্য-দানৱ আৰু অসুৰ বিনাশৰ কাৰণে ।
নৱৰাত্ৰি তথা দূৰ্গা পূজাৰ সপ্তমীৰ দিনা কালৰাত্ৰি দেৱীৰ পূজা-অৰ্চণা কৰা হয়। দেৱী কালৰাত্ৰিয়ে দুষ্টৰ বিনাশ কৰে।এই গৰাকী দেৱীৰ আৰাধনা কৰিলে সকলো ধৰণৰ বিপদৰ পৰা উদ্ধাৰ পাব পাৰি আৰু দেৱীয়ে ভক্ত গণৰ মনৰ সকলো আশা পূৰণ কৰে । দেৱীৰ ভক্তসকলে উপাসনা কৰা মাত্ৰেই দৈত্য দানৱ , ৰাক্ষস ভূত-প্ৰেত আদি সকলো ভীতি গ্ৰস্ত হৈ সেই স্থান ত্যাগ কৰে । সেয়েহে ভক্তগণে একান্ত ভক্তি ভাবেৰে কালৰাত্ৰি দেৱীক আৰাধনা কৰিলে জনবিশ্বাস অনুসৰি দেৱীৰ কৃপাত ভক্তগণৰ কেতিয়াও অগ্নি, জল , জন্তু , শত্ৰু আদিৰ পৰা ভয় নাথাকে। সকলো প্ৰকাৰৰ ভয়ৰ পৰা মুক্ত হৈ ভক্তসকলে সুখ শান্তিৰে জীৱন নিৰ্বাহ কৰিব পাৰে।
একৱেণী জপাকৰ্ণপুৰা নগ্না খৰাস্থিতা,লম্বোষ্টি কৰ্ণিকাকৰ্ণী তৈলাভ্যক্তশৰিৰীনী।বামপাদৌল্লসল্লৌহলতাকণ্টকভূষণা, বৰ্ধনমুৰ্দ্ধধ্বজা কৃষ্ণা কালৰাত্ৰীভয়ংকৰী।।
মহাসপ্তমীৰ শুভকামনাৰে – Voice 24×7 পৰিয়াল।