ডুবাইত বাস কৰা হিন্দু লোকসকলৰ সুবিধার্থে মুকলি কৰা হ’ল এটি আটকধুনীয়া মন্দিৰ ৷ ডুবাইৰ জেবেল আলী গাঁৱত ভাৰতীয় আৰু আৰবী স্থাপত্যৰ ডিজাইনৰ সংমিশ্ৰণেৰে এই নতুন হিন্দু মন্দিৰ নির্মাণ কৰা হৈছে ৷
দেশখনৰ টলাৰেঞ্চ আৰু কোএক্সিজটেণ্ট মন্ত্ৰী শ্বেখ নাহিয়ান বিন মুবাৰক আল নাহিয়ানে ডুবাইত নতুন হিন্দু মন্দিৰটো উদ্বোধন কৰে। ৰাষ্ট্ৰদূত সুঞ্জয় সুধীৰে আৰৱত থকা ৩৫ লাখ শক্তিশালী ভাৰতীয় প্ৰব্ৰজনকাৰীক সহায় কৰাৰ বাবে সংশ্লিষ্ট চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে ৷
নতুন মন্দিৰ মুকলি কৰাৰ লগে লগে জেবেল আলীৰ ‘পূজা গাঁও’ত ধর্মীয় উপাসনাস্থলীৰ সংখ্যা ৯ টালৈ বৃদ্ধি পালে ৷ ইয়াৰে সাতটা গীৰ্জা, এটা গুৰু নানক দৰবাৰ শিখ গুৰুদ্বাৰ আৰু নতুন হিন্দু মন্দিৰ ৷
কূটনৈতিক মিছনৰ মুৰব্বী, কেইবাটাও ধৰ্মৰ ধৰ্মীয় নেতা, ব্যৱসায়ী আৰু ভাৰতীয় সমাজৰ সদস্যকে ধৰি ২০০ৰো অধিক গণ্যমান্য ব্যক্তি মুকলি অনুষ্ঠানত উপস্থিত আছিল।
ৰাষ্ট্ৰদূত সুধীৰে কয়, “আজি ডুবাইত এটা নতুন হিন্দু মন্দিৰ উদ্বোধন কৰাটো ভাৰতীয় লোকসকলৰ বাবে আদৰণীয় খবৰ। মন্দিৰ মুকলি কৰাটোৱে আৰৱত বসবাস কৰা বৃহৎ হিন্দু জনগোষ্ঠীৰ ধৰ্মীয় আকাংক্ষা পূৰণ কৰিছে। নতুন মন্দিৰটোৰ কাষতে আছে এটা গুৰুদ্বাৰ, যিটো ২০১২ চনত মুকলি কৰা হৈছিল। আমি সন্মানিত যে শ্বেখ নাহায়ানে ডুবাইত নতুন হিন্দু মন্দিৰ উদ্বোধন কৰে। আমি ডুবাই চৰকাৰৰ কৃপা আৰু উদাৰতাক ধন্যবাদ জনাইছো ৷ মন্দিৰটোৰ বাবে মাটি আৰু ইয়াৰ নিৰ্মাণৰ সুবিধা তেওঁলোকে আমাক প্ৰদান কৰিছে ৷ “ ২০২০ চনত ৭০ হাজাৰ বৰ্গফুটৰ এই উপাসনা গৃহ নিৰ্মাণৰ পৰিকল্পনা ঘোষণা কৰা হৈছিল।
মন্দিৰ দর্শন কৰিবলৈ পূৰ্ব পঞ্জীয়ন কৰিব লাগিব ৷ ভক্তসকলে আগমনৰ পূৰ্বে অনলাইন পঞ্জীয়ন কৰিব পাৰিব। এই বছৰৰ শেষলৈকে এটা বিশাল ৰাজহুৱা সভাঘৰ নির্মাণ কৰা হ’ব, য’ত বিয়াকে ধৰি ধর্মীয় অনুষ্ঠান, ৰীতি-নীতি, প্ৰাৰ্থনা আদি অনুষ্ঠিত হ’ব।