মুম্বাইত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ ৷ মুম্বাইৰ এটা গুদামৰ পৰা ৬০ কিল’গ্ৰাম মেফেড্ৰন ড্ৰাগছ জব্দ কৰিছে নার্কটিকছ কণ্ট্ৰ’ল ব্যুৰ’ৱে ৷ জব্দ কৰা ড্ৰাগছৰ মূল্য ১২০ কোটি টকা। ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ কৰা দুজনৰ ভিতৰৰ এজন হৈছে এয়াৰ ইণ্ডিয়াৰ প্ৰাক্তন পাইলট।
জব্দ কৰা ড্ৰাগছসমূহৰ সৈতে জড়িত থকা গোটটো এটা বৃহৎ নেটৱৰ্কৰ সৈতে জড়িত ৷ চলিত সপ্তাহৰ আৰম্ভণিতে গুজৰাটৰ জামনগৰত জব্দ কৰা ড্ৰাগছৰ সৈতেও তেওঁলোক জড়িত আছিল ৷ সেই গোচৰত ৪ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল।
গ্ৰেপ্তাৰ হোৱা পাইলট ছোহেইল গফৰ এসময়ত এয়াৰ ইণ্ডিয়াত কাম কৰিছিল। আমেৰিকাত প্ৰশিক্ষণ লাভ কৰা ছোহেইলে কিছু বছৰ পূৰ্বে চিকিৎসাজনিত কাৰণত চাকৰি এৰি দিয়াৰ অভিযোগ উত্থাপন হৈছে।
ইতিমধ্যে এই অসাধু চক্ৰটোৱে বজাৰত প্ৰায় ২২৫ কিল’গ্ৰাম মেফেড্ৰন ড্ৰাগছ বিক্ৰী কৰিছে ৷ ইয়াৰে ৬০ কিল’গ্ৰাম কালি জব্দ কৰা হৈছে বুলি ড্ৰাগছ বিৰোধী সংস্থাটোৰ বিষয়াসকলে জনায়। জামনগৰত নৌসেনাৰ চোৰাংচোৱাৰ খবৰৰ ভিত্তিত ড্ৰাগছ জব্দ কৰা হয় ৷ চলিত বৰ্ষৰ আৰম্ভণিতে গুজৰাটত জব্দ হৈছিল বৃহৎ পৰিমাণৰ ড্ৰাগছ। আগষ্ট মাহত বদোদৰাত জব্দ কৰা হৈছিল ২০০ কিল’গ্ৰাম মেফেড্ৰন ড্ৰাগছ। এপ্ৰিল মাহত কন্দলা বন্দৰৰ পৰা জব্দ হৈছিল ২৬০ কিল’গ্ৰাম ড্ৰাগছ।যোৱা ছেপ্টেম্বৰ মাহত মুন্দ্ৰা বন্দৰৰ পৰা ২১ হাজাৰ কোটি মূল্যৰ ৩০০০ কিল’গ্ৰাম ড্ৰাগছ জব্দ কৰা হৈছিল।