চলিত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰা মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ কাম আৰম্ভ হ’ব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। লগতে চাৰি বছৰৰ ভিতৰত দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’ব বুলিও তেখেতে নিজৰ বক্তব্যত উল্লেখ কৰিছে।
দলং নিৰ্মাণৰ বাবে বিভাগীয় কৰ্তৃপক্ষক দায়িত্ব অৰ্পণ কৰা হৈছে আৰু কৰ্তৃপক্ষই ইতিমধ্যে দলঙৰ নক্সা দাখিল কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে সাংবাদিকক জনায়।তেখেতে লগতে উল্লেখ কৰে যে ঠিকাদাৰে প্ৰস্তুত কৰি উলিওৱা নক্সাক ভালদৰে বিবেচনা কৰি চাবলৈ তিনি মাহ সময় লাগিব।
প্ৰাপ্ত তথ্য অনুসৰি এতিয়াৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুত এটীয়া ইঞ্জিনৰ ফেৰী চলাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। মাজুলীত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে এই কথা অৱগত কৰে। মেৰাইন ইঞ্জিন বা দুটীয়া ইঞ্জিন নলগোৱালৈকে এটীয়া ইঞ্জিনৰ সকলো ফেৰীৰ চলাচলত বাধা প্ৰদান কৰা হৈছে। লগতে যাত্ৰী কঢ়িওৱাৰ ক্ষেত্ৰতো বিশেষ নিৰ্দেশনা প্ৰদান কৰাৰ কথা উল্লেখ কৰে তেখেতে।
আনহাতে মেৰাইন ইঞ্জিন লগোৱাৰ ক্ষেত্ৰত চৰকাৰে সহায় কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। বৰ্তমান চৰকাৰী জাহাজ ৪ খন চলি আছিল যদিও পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৬ খনকৈ চৰকাৰী জাহাজ চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
আগন্তুক দুই-তিনিদিনৰ ভিতৰত ভাৰত চৰকাৰে দিয়া ৰপেক্স ফেৰী সেৱাও আৰম্ভ হ’ব। এই সন্দৰ্ভত বিভিন্ন কথাৰ অৱতাৰণা হৈছিল। মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত আশ্বাস দিয়ে যে ৰপেক্স ফেৰী সেৱা আৰম্ভ হ’লে এইবাৰ বন্ধ নহয়।
বুধবাৰে আবেলি নিমাতীঘাটৰ জল সংযোগী পথত দুখন নাও অতি বিপদজনকভাৱে দুৰ্ঘটনাত পতিত হৈছিল। দুৰ্ঘটনাকলৈ অসমৰ চৌদিশে তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে।