অকালতে প্ৰাণ হেৰুৱালে মাজুলী জিলা চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক, সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক, চুতীয়া জাতি উন্নয়ন পৰিষদৰ সদস্য তথা সমাজকৰ্মী বিপুল চুতীয়াই ৷ বৃহস্পতিবাৰে নিশা ১২ বজাত অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে তেওঁৰ দেহাৱসান ঘটে ৷
আজি পুৱা চুতীয়াৰ নশ্বৰদেহ মাজুলীৰ বৰবিল গাঁৱৰ বাসগৃহলৈ অনা হয় ৷ বিভিন্ন অনুষ্ঠআন–প্ৰতিষ্ঠানৰ লগতে শুভাকাংক্ষীসকলে তেওঁলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে৷ বিপুল চুতীয়াৰ মৃত্যুত সমগ্ৰ মাজুলীতে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। উল্লেখ্য যে তেওঁ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল ৷ শেহতীয়াকৈ স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক অসম চিকিৎসা মহাবিদ্যালয়ত ভর্ত্তি কৰোৱা হৈছিল ৷