মেলেৰিয়া ৰোগৰ বহু ভেকচিন ওলাইছে জদিওএই মাৰাত্মক ৰোগবিধৰৰ প্ৰাদুৰ্ভাৱ কমি যোৱা নাই ৷ এতিয়াও বিশ্বৰ বহু প্ৰান্তত এই ৰোগে মহামাৰীৰ ৰূপ ধাৰণ কৰি আহিছে ৷এইক্ষেত্ৰত এইবাৰ সুখবৰ কঢ়িয়াই আনিছে ভাৰতীয় বিজ্ঞানীয়ে ৷ দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষকসকলে মেলেৰিয়াৰ বীজাণুক সম্পূর্ণৰূপে নাশ কৰিব পৰা ভেকচিন আৱিষ্কাৰ কৰা বুলি দাবী কৰিছে। ইয়াৰ ওপৰত গৱেষণা চলি আছে।
এই গৱেষণাৰ বাতৰি আই-চায়েন্স নামৰ জাৰ্নেলত প্ৰকাশ পাইছে। জেএনইউৰ আণৱিক চিকিৎসা বিভাগৰ দুই অধ্যাপক শৈলজা সিং আৰু আনন্দ ৰংগনাথনে এনে এক উপাদান আৱিষ্কাৰ কৰিছে, জিয়ে মেলেৰিয়াৰ বীজাণুক মানুহৰ শৰীৰত বাহ সজাত বাধা দিব । এই ভেকচিনবিধে আৰম্ভণিৰে পৰা সংক্ৰমণ বন্ধ কৰিব। বিশ্বজুৰি প্ৰতি বছৰে ৪ লাখতকৈ অধিক লোকৰ মৃত্যু হয় মেলেৰিয়াত। বিশেষকৈ আফ্ৰিকাত মেলেৰিয়া মহামাৰীত পৰিণত হৈছে। শ শ শিশুৰ মৃত্যুৱে আন্তৰ্জাতিক চিকিৎসা আৰু বিজ্ঞান মহলক স্তম্ভিত কৰি তুলিছে। ভাৰতত ইয়াৰ প্ৰাদুৰ্ভাৱ কম নহয়।
অধ্যাপক শৈলজা সিং, অধ্যাপক আনন্দ ৰংগনাথন আৰু তেওঁলোকৰ দলটোৱে এটা ৰিচেপ্টৰ প্ৰটিন আৱিষ্কাৰ কৰিছে যিয়ে মেলেৰিয়া বীজাণুক মানুহৰ শৰীৰত প্ৰৱেশ কৰি বংশবৃদ্ধি কৰাত সহায় কৰে। সাধাৰণতে মেলেৰিয়া বীজাণু মহৰ লালতিৰে মানুহৰ শৰীৰত প্ৰৱেশ কৰি তেজৰ সোঁতৰ মাজেৰে পোনপটীয়াকৈ যকৃতলৈ যায়। তাতে ই মেৰ’জ’ইট পৰ্যায়ত উপনীত হয়। তাৰ পিছত পোনে পোনে ৰক্তকণিকাত আঘাত কৰে। ইয়াৰ উপৰিও আৰম্ভ হয় মেলেৰিয়া বীজাণুৰ জীৱনচক্ৰ। ইহঁতৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাই। এটা সময়ত ৰক্তকণিকাৰ বেৰ ফাটি তেজত বিয়পি পৰে। জে এন ইউৰ গৱেষকসকলে এই বেক্টেৰিয়াই মানৱ শৰীৰৰ সুস্থ কোষক সংক্ৰমিত কৰা নিৰ্দিষ্ট প্ৰটিন চিনাক্ত কৰিছে। ইয়াৰ উদ্দেশ্য হৈছে সেই প্ৰটিনৰ ভেকচিন তৈয়াৰ কৰি মেলেৰিয়া বীজাণুৱে মানুহৰ শৰীৰত সংক্ৰমণ বিয়পি পৰাত বাধা দিয়া। গৱেষকসকলে কয় যে সেই প্ৰটিনৰ ওপৰত গৱেষণা চলি আছে। অতি সোনকালে উন্নত মানৰ মেলেৰিয়াৰ ভেকচিন প্ৰস্তুত কৰিব পৰা যাব।