বাংলা ভাষাক আদৰি লৈছে বিশ্বৰ আন দেশেও৷ ই সঁচাকৈয়ে এটা ভাষাৰ বাবে এক গৌৰৱৰ বিষয়,এক ঐতিহাসিক সময় ৷শেহতীয়াকৈ লণ্ডন টিউব ৰে’লে বাংলা ভাষাক হোৱাইটচেপেল ষ্টেচনত ছাইনবোৰ্ডৰ ভাষা হিচাপে গ্ৰহণ কৰিছে ৷
বাংলা ভাষাৰ প্ৰসাৰৰ এনে এটি বাতৰিয়ে আনন্দিত কৰিছে সমগ্ৰ বাংলাভাষী লোকক ৷ আনহাতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও সোমবাৰে বাংলা ভাষা সংস্কৃতি আৰু ঐতিহ্যৰ এই জয়ৰ বাবে সামাজিক মাধ্যমত নিজৰ প্ৰিতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ তৃণমূল কংগ্ৰেছৰ মুৰব্বী গৰাকীয়ে টুইটাৰত লিখিছে, “লণ্ডন টিউব ৰেলে বাংলা ভাষাক ‘হোৱাইটচেপেল ষ্টেচন’ত ছাইনব’ৰ্ডৰ ভাষা হিচাপে গ্ৰহণ কৰাৰ কাৰণে গৌৰৱান্বিত হৈছো, যি ১০০০ বছৰ পুৰণি বাঙালী ভাষা (এছআইচি)ৰ বিশ্বব্যাপী বৰ্ধিত গুৰুত্ব আৰু শক্তিক সূচায়।” লগতে তেওঁ কৈছে যে “বঙালী প্ৰবাসীসকলে উমৈহতীয়া সাংস্কৃতিক দিশত একেলগে কাম কৰা উচিত”।
আনহাতে বাংলাদেশৰ ৰাজ্যিক মন্ত্ৰী জুনাইদ আহমেদে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰা এখন ছবিত যুক্তৰাজ্যৰ লণ্ডনৰ হোৱাইটচেপেল অঞ্চলৰ হোৱাইটচেপেল ৰোড আৰু ডুৰৱাৰ্ড ষ্ট্ৰীটত অৱস্থিত লণ্ডন আণ্ডাৰগ্ৰাউণ্ড আৰু লণ্ডন অভাৰগ্ৰাউণ্ড ষ্টেচনৰ নাম এতিয়া ইংৰাজী চাইনবোৰ্ডৰ উপৰিও বাংলা ভাষাতো লিখা দেখিবলৈ পোৱা গৈছে ।
পৰিষদ আৰু সম্প্ৰদায়ৰ নেতৃত্বত চিহ্নবোৰ স্থাপন কৰাৰ বাবে চলোৱা এক অভিযানৰ পিছত ষ্টেচনটোৰ বাহিৰত ইংৰাজী আৰু বাংলা ভাষাৰ ছাইনবোৰ্ডবোৰৰ বাবে ‘লণ্ডন বৰো অফ টাৱাৰ হেমলেটছ কাউন্সিল’ৰ দ্বাৰা পুঁজি যোগান ধৰা হৈছে ৷ মেয়ৰ জন বিগছে টুইট কৰি কৈছে যে “এতিয়া হোৱাইটচেপেল ষ্টেচনত ইংৰাজী আৰু বাংলা দুয়োটা ভাষাতে স্থাপন কৰা দ্বিভাষিক চিহ্নদেখি আনন্দিত হৈছো – ।”
হোৱাইটচেপেল ষ্টেচনটো হোৱাইটচেপেল অঞ্চলৰ হোৱাইটচেপেল ৰোডৰ বজাৰৰ পিছফালে আৰু ৰয়েল লণ্ডন চিকিৎসালয়ৰ বিপৰীতে অৱস্থিত।
Proud to note that the London Tube Rail has accepted Bengali as a language of signage at Whitechapel Station, signifying the increasing global importance & strength of the 1000-year old language Bengali. (1/2)
— Mamata Banerjee (@MamataOfficial) March 14, 2022