পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু তেওঁৰ ভতিজা অভিষেক বেনাৰ্জীৰ মাজত ক্ৰমাৎ বৃদ্ধি পাইছে দুৰত্ব ৷ শেহতীয়াকৈ দলৰ মজিয়াত ল’ব বিচৰা এক সিদ্ধান্তকলৈ মতবিৰোধ ঘটিছে মমতা বেনার্জী আৰু অভিষেক বেনার্জীৰ মাজত ৷ দুয়ো গৰাকী শীর্ষ নেতাৰ মাজত মতানৈক্য বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত শণিবাৰে আহ্বান কৰিব লগীয়া হ’ল বৈঠক ৷ উল্লেখ্য যে তৃণমুল কংগ্ৰেছত ‘ওৱান মেন, ওৱান পোষ্ট’ নীতি বলবৎ কৰিবলৈ অভিষেক বেনাৰ্জীয়ে দিয়া হেঁচাক লৈ সৃষ্টি হৈছে এই মতানৈক্য ৷ একাংশ জ্যেষ্ঠ নেতাই দল আৰু চৰকাৰত একাধিক পদ দখল কৰি থকা কার্যত বিৰক্ত হৈ এই সিদ্ধান্ত গ্ৰহণৰ পোষকতা কৰি আহিছে অভিষেক বেনার্জীয়ে ৷ কিন্তু দলটোৰ দ্বিতীয় সর্বোচ্চ পদত অধিষ্ঠিত হৈ থকা উচ্চাকাংক্ষী ভতিজাক অভিষেক আৰু মমতা বেনার্জীৰ মাজত বৰ্ধিত সংঘাত বুলি ৰাজনৈতিক মহলত চর্চিত হৈছে ৷
বিভিন্ন মহলত চর্চা লাভ কৰা অনুসৰি অভিষেক বেনাৰ্জীয়ে দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ পদ ত্যাগ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে ৷ আনহাতে, মমতা বেনাৰ্জীয়ে এতিয়ালৈকে তেওঁৰ ভতিজাকক বাধা দিবলৈ কোনোধৰণৰ চেষ্টা কৰা নাই ৷ দলটোৰ এজন শীর্ষ নেতাই প্ৰকাশ কৰা অনুসৰি অভিষেকে গোৱাত সোমবাৰে অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ পিছত দলীয় দায়িত্ব ত্যাগ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে ৷ আগন্তুক সময়ত কেবল ডায়মণ্ড হাৰ্বাৰৰ সাংসদ হিচাপেহে দায়িত্ব পালন কৰিবলৈ তেওঁ আগ্ৰহ প্ৰকাশ কৰিছে ৷ অৱশ্যে শীর্ষ নেতাজনে প্ৰকাশ কৰা অনুসৰি অভিষেক বেনার্জীৰ এই ভাবুকিক মমতা বেনার্জীয়ে ব্লেকমেইলিং ৰাজনীতি বুলি গ্ৰহণ কৰিছে ৷ যাৰ বাবে তেওঁক বাধা দিবলৈ চেষ্টা কৰা নাই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ অভিষেক সম্প্ৰতি দলৰ গোৱাৰ দায়িত্বত আছে।বংগৰ শাসকীয় দলটোৰ সংঘাতৰ মাজতে মমতা বেনার্জীয়ে শনিবাৰে সন্ধিয়া ৫ বজাত তেওঁৰ ঘৰত এখন সভা আহ্বান কৰিছে। অভিষেক, দলটোৰ মহাসচিব পাৰ্থ চেটাৰ্জী, দলৰ ৰাজ্যিক সভাপতি সুব্ৰত বক্সী আৰু ফিৰহাদ হাকিম আৰু অৰূপ বিশ্বাসৰ দৰে জ্যেষ্ঠ নেতাসকলক বৈঠকত উপস্থিত থাকিবলৈ কোৱা হৈছে।