উপনিৰ্বাচনত অভিলেখ সংখ্যক ভোটত জয়লাভ কৰিলে পশ্চিমবঙ্গৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। ভৱানীপুৰ সমষ্টিৰ পৰা তেওঁ ৫৮,৮৩৫ টা ভোটৰ ব্যৱধানত জয়লাভ কৰে। বিজেপিৰ প্ৰতিদ্বন্দী প্ৰিয়ংকা তিবৰেৱালক নিজৰে পূৰ্বৰ অভিলেখ ভংগ কৰি মমতা বেনাৰ্জীয়ে পৰাজিত কৰে। কালি মুখ্যমন্ত্ৰী গৰাকীয়ে সমষ্টিটোত বিজয় সাব্যস্ত কৰাৰ লগে লগে তৃণমূল কংগ্ৰেছৰ সমৰ্থক সকলৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হয়। সমৰ্থক সকলে ৰাজপথলৈ ওলাই আহি আনন্দত মতলীয়া হৈ পৰে। ইয়াৰ লগে লগে সুৰক্ষিত হৈ পৰিল মমতা বেনাৰ্জীৰ মুখ্যমন্ত্ৰীৰ আসনখন। বিজয় সাব্যস্ত কৰা পিছত সকলোকে কৃতজ্ঞতা প্ৰকাশ কৰি বেনাৰ্জীয়ে কয় যে নন্দিগ্ৰামত বিজয় সাব্যস্ত কৰিব নোৱাৰাত সকলো ৰাইজে দুখ পাইছিল। আজি ভৱানীপুৰত পুনৰ তৃণমূলৰ জয় হল। ইয়াৰ বাবে ভৱানীপুৰবাসীৰ ওচৰত চিৰ ঋণী বুলিও তেওঁ মন্তব্য কৰে।উল্লেখ্য যে ভৱানীপূৰৰ উপৰি তৃণমূল কংগ্ৰেছে চমচেৰগঞ্জ আৰু জংগীপুৰত জয় লাভ কৰিছে ।