উৰিষ্যাৰ কালাহাণ্ডি জিলাৰ মহলিঙত অৱস্থিত চানচাইন ইংলিছ মেডিয়াম স্কুলৰ শিক্ষয়িত্ৰী আছিল মমিতা মেহেৰ। মহলিং হাই স্কুলৰ খেলপথাৰত মাটিত পুতি থোৱা অৱস্থাত যোৱা মংগলবাৰে ১১দিন ধৰি নিৰুদ্দেশ হৈ থকা মমিতাৰ মৃতদেহ উদ্ধাৰ হৈছে । মমিতাক হত্যা কৰি এনেদৰে মাটিত পুতি থোৱা হৈছে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰে।
স্কুল পৰিচালনা সমিতিৰ সভাপতি গোবিন্দ চাহুৱে এই হত্যা সংঘটিত কৰা শেহতীয়া ভাৱে কিছু ভয়ংকৰ তথ্য পোহৰলৈ আহিছে।
চাহুৱে স্কুলত এক যৌন চক্র চলাই আছিল আৰু সেই কথাৰ বিৰোধিতা কৰি কথাবোৰ সকলোকে জনাই দিয়াৰ ভাবুকি দিয়াৰ বাবেই মমিতাক নিৰ্মম ভাৱে হত্যা কৰা হৈছিল বুলি মমিতাৰ ভাতৃ বান্টিয়ে আৰক্ষীক কয় আৰু থানাত হত্যাকাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।
উক্ত তথ্য পোহৰলৈ অহাত অপৰাধীক আৰক্ষীয়ে কৰায়ত্ত কৰে যদিও দেওবাৰে তিতলগড় আৰক্ষীৰ হাতৰ পৰা পলাই সাৰিবলৈ সক্ষম হয় গোবিন্দ চাহু। এতিয়ালৈকে আৰক্ষীয়ে চাহুক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই যদিও চিন্ধেকেলা পুলিচে তেওঁৰ নামত থকা এখন গাড়ী জব্দ কৰিবলৈ সক্ষম হৈছে। বালাংগীৰ আৰক্ষীয়ে চাহুক আৰক্ষীৰ হাতত গতাই দিয়া জনক ১ লাখ টকাৰে পুৰস্কৃত কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে।