কাৰ ভাগ্য কেতিয়া সুপ্ৰসন্ন হয়, সেয়া কোৱাটো অত্যন্ত কঠিন ৷ কিন্তু ভাগ্য সুপ্ৰসন্ন হোৱাৰ লগে লগে আপোনাৰ জীৱনলৈ আহিব পাৰে আমূল পৰিৱর্তন ৷ আৰু তেনে এক ঘটনাই ঘটিল মধ্যপ্ৰদেশৰ পান্না জিলাত ৷ হঠাৎ সুপ্ৰসন্ন হৈ পৰিল ইটা ভাটা চলাই পৰিয়াল পোহপাল দিয়া এজন ব্যক্তিৰ ৷ এটা সৰু ইটা ভাটাৰ ব্যৱসায় চলাই থকা ব্যক্তিজনে খনি খননৰ সময়ত লাভ কৰে ২৬.১১ কেৰেটৰ এটা হীৰাৰ টুকুৰা ৷ পান্না জিলাৰ হীৰা বিষয়া ৰবি পেটেলে কয় যে মূল্যৱান টুকুৰাটোৱে নিলামত ১.২০ কোটি টকালৈকে মূল্য লাভ কৰাৰ সম্ভাৱনা আছে ৷
উল্লেখ্য যে পান্না চহৰৰ কিশোৰগঞ্জৰ বাসিন্দা সুশীল শুক্লা আৰু তেওঁৰ লগৰীয়াসকলে সোমবাৰে কৃষ্ণ কল্যাণপুৰ অঞ্চলৰ ওচৰত অৱস্থিত খনি খননৰ সময়তে হীৰাৰ টুকুৰাটো উদ্ধাৰ কৰে ৷ হীৰাৰ টুকুৰাটো শীঘ্ৰে নিলামৰ বাবে ৰখা হ’ব ৷ চৰকাৰী ৰাজহ আৰু কৰ কৰ্তনৰ পিছত লাভ কৰা মূল্য লোকজনক প্ৰদান কৰা হ’ব ৷ এই সন্দর্ভত শুক্লাই সংবাদ মাধ্যমৰ আগত কয় যে তেওঁ আৰু তেওঁৰ পৰিয়ালে যোৱা ২০ বছৰ ধৰি হীৰা খননৰ কামত জড়িত আছিল ৷ কিন্তু প্ৰথম বাৰৰ বাবে তেওঁ ইমান ডাঙৰ হীৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷
তেওঁ পাঁচজন সহযোগীৰ সৈতে অগভীৰ খনিখননত হীৰাৰ টুকুৰাটো লাভ কৰিছিল ৷ ৰত্নটোৱে ১.২ কোটিতকৈও অধিক লাভ কৰিব বুলি আশা ব্যক্ত কৰি শুক্লাই কয়, “হীৰাৰ নিলামৰ পিছত মই লাভ কৰা ধনেৰে নতুনকৈ ব্যৱসায় অৰম্ভ কৰিম।” ৰাজ্যৰ ৰাজধানী ভূপালৰ পৰা ৩৮০ কিলোমিটাৰ দূৰত অৱস্থিত পান্না জিলাত ১২ লাখ কেৰেট মূল্যৰ হীৰা থকা বুলি অনুমান কৰা হৈছে ৷