নিজৰ সন্তানৰ প্ৰতি থকা মৰমৰ বাবে পিতৃ মাতৃয়ে কৰিব নোৱাৰা কাম হয়তো কমেই ওলাব ৷ সন্তানক সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত কোনোদিনে পিছহুহুকি নাহে পিতৃ-মাতৃ ৷ সন্তানৰ প্ৰতি থকা এনে মৰমৰ বাবে চীনৰ এগৰাকী ব্যক্তিয়ে কৰা কার্যই চর্চা লাভ কৰিছে ৷
প্ৰাপ্ত তথ্য অনুসৰি চীনৰ এজন লোকে নিজৰ কন্যাক চেপা মাৰি ধৰা এটা জীয়া কেঁকোৰা খাই গুৰুতৰভাৱে অসুস্থ হৈ পৰে। কন্যাক বেদনা দিয়াৰ বাবে প্ৰতিশোধ ল’বলৈ তেওঁ কেকোঁৰাটো খাই পেলোৱা বুলি জানিব পৰা গৈছে ৷ ব্যক্তিজন পূব চীনৰ ঝেজিয়াঙৰ ৩৯ বছৰীয়া লু বুলি চিনাক্ত কৰা হৈছে ৷ এই ঘটনাৰ দুমাহৰ পাছত লু কঁকালৰ তীব্ৰ বিষত আক্ৰান্ত হৈ চিকিৎসালয়লৈ ভর্ত্তি হয় ৷
প্ৰাৰম্ভিক পৰীক্ষাত তেওঁৰ বুকু, পেট, যকৃত আৰু পাচনতন্ত্ৰত কিছু পৰিৱর্তন দেখিলেও ইয়াৰ সঠিক কাৰন জনাত ব্যর্থ হয় চিকিৎসকসকল ৷ যাৰ বাবে তেওঁ কিবা অস্বাভাৱিক কাম কৰিছিল নেকি বুলি বাৰাম্বাৰ চিকিৎসকে সোধাপোচা কৰে ৷ কিন্তু লুই বাৰে বাৰে ইয়াৰ সঠিক উত্তৰ প্ৰদানৰ পৰা বিৰত থাকে ৷ পাছত লুৰ পত্নীয়েই প্ৰথমে কেঁকোৰা খোৱাৰ কার্যৰ কথা চিকিৎসকৰ আগত উল্লেখ কৰিছিল ৷ তাৰ পিছত লুই এই কথা স্বীকাৰ কৰে ৷ অৱশ্যে লাহে লাহে তেওঁ সুস্থ হৈ উঠিছে বুলি চিকিৎসকে সদৰী কৰিছে ৷