আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াৰ চেক্ৰামেণ্টোত সোমবাৰে সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ৷ এজন ব্যক্তিয়ে তিনি সন্তানক গুলীয়াই হত্যা কৰাৰ পাছত আত্মহত্যা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ দেশখনৰ এটা গীর্জাত সংঘটিত হয় এই ঘটনা ৷
কেলিফৰ্ণিয়াৰ চেক্ৰামেণ্টোত সংঘটিত গুলীচালনাত আন এজন লোকৰো মৃত্যু হৈছে ৷ চেক্ৰামেণ্টো কাউণ্টি শ্বেৰিফৰ কাৰ্যালয়ৰ চাৰ্জেন্ট ৰড গ্ৰাছমেনে প্ৰকাশ কৰা অনুসৰি মৃত্যু হোৱা তিনিওটা শিশুৰ বয়স ১৫ বছৰতকৈ কম ৷ কেলিফৰ্ণিয়াৰ গভৰ্ণৰ গেভিন নিউজমে এক টুইটযোগে এই ঘটনাত দুখ প্ৰকাশ কৰিছে ৷ ইয়াৰ পূর্বেও আমেৰিকাৰ গীর্জাত এনেধৰণৰ ঘটনা সংঘটিত হৈছিল ৷