সহজে ধন উপার্জনৰ বাবে বক্ৰ পথ অৱলম্বন কৰাৰ যথেষ্ট উদাহৰণ আছে আমাৰ সমাজত ৷ চুৰি- ডকাইতিকে ধৰি বিভিন্ন সহজে ধন ঘটাৰ পথ লৈ বহুতে খাবলগীয়া হৈছে জে’লৰ ভাত ৷ পিছে উৰিষ্যাত গ্ৰেপ্তাৰ হোৱা এজন লোকে সহজলভ্য ধন ঘটাৰ বাবে লোৱা পথৰ কথা জানিলে আপুনিও হৈ পৰিব আচৰিত ৷ প্ৰৱঞ্চনাৰে ধন ঘটাৰ বাবে বাৰে বাৰে বিবাহত বহিছিল শেহতীয়াকৈ উৰিষ্যাত গ্ৰেপ্তাৰ হোৱা বিধু প্ৰকাশ স্বোইন (54) ওৰফে ৰমেশ স্বোইন নামৰ লোকজনে লোকজনে ৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ভূৱনেশ্বৰত গ্ৰেপ্তাৰ হোৱা লোকজনে ৪৮ বছৰৰ ব্যৱধানত সাতখন ৰাজ্যত ১৪ গৰাকী মহিলাক বিয়া কৰাইছিল ৷ উৰিষ্যাৰ কেন্দ্ৰপাৰা জিলাৰ পাটকুৰা আৰক্ষী থানাৰ অন্তৰ্গত এখন গাঁৱৰ বাসিন্দাজনে বিয়া কৰোৱা মহিলাসকলৰ পৰা ব্যাপক পৰিমানৰ ধন লৈ পাছত পলায়ন কৰিছিল ৷ দেশৰ বিভিন্ন প্ৰান্তত এনেদৰে প্ৰৱঞ্চনাৰে ধন লুণ্ঠন কৰা ব্যক্তিজনৰ আছে অসমৰ সৈতে সম্পর্ক । কিয়নো দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমৰ মহিলাৰ সৈতে বিবাহত বহি প্ৰৱঞ্চনা কৰিছিল লোকজনে ৷ ভূৱনেশ্বৰৰ উপ আৰক্ষী আয়ুক্ত উমাশংকৰ দাসে সদৰী কৰা অনুসৰি ধৃত লোকজনে অসমৰ উপৰি দিল্লী, পঞ্জাৱ, ঝাৰখণ্ড আৰু উৰিষ্যাকে ধৰি সাতখন ৰাজ্যৰ মহিলাক প্ৰতাৰনা কৰিছে। তেওঁৰ প্ৰথম দুগৰাকী পত্নী উৰিষ্যাৰ আছিল।
অভিযুক্তজনে ১৯৮২ চনত প্ৰথমবাৰৰ বাবে বিবাহ পাশত আৱদ্ধ হৈছিল ৷ ২০০২ চনত তেওঁ দ্বিতীয় বিবাহ সম্পন্ন কৰিছিল । তেওঁ এই দুখন বিবাহৰ জৰিয়তে পাঁচটা সন্তানৰ পিতৃ হৈছিল ৷ ২০০২ ৰ পৰা ২০২০ চনৰ ভিতৰত তেওঁ বিবাহ সন্দর্ভীয় ৱেবছাইটৰ জৰিয়তে আন মহিলাসকলৰ সৈতে বন্ধুত্ব স্থাপন কৰিছিল আৰু পূর্বৰ পত্নীৰ অজ্ঞাতে তেওঁলোকক বিয়া কৰাইছিল ৷ লোকজন তেওঁৰ অন্তিম পত্নীৰ সৈতে উৰিষ্যাৰ ৰাজধানী ভূৱনেশ্বৰত আছিল ৷ দিল্লীৰ এখন বিদ্যালয়ত শিক্ষক হিচাপে কর্মৰত হৈ থকা মহিলা গৰাকীয়ে তেওঁৰ আগৰ বিবাহৰ বিষয়ে অৱগত হোৱাৰ পাছত আৰক্ষীৰ ওচৰত এটা অভিযোগ দাখিল কৰে ৷ পৰৱর্তী সময়ত এই অভিযোগৰ ভিত্তিত লোকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷
তদন্তত পোহৰলৈ অহা অনুসৰি ধৃত লোকজনে মধ্যবয়স্ক অবিবাহিত মহিলা তথা বিবাহ বিচ্ছেদিত মহিলাৰ সৈতে যোগাযোগ কৰি বিয়া পাতিছিল লোকজনে ৷ পৰৱর্তী সময়ত এই মহিলাসকলক প্ৰতাৰণা কৰি তেওঁলোকৰ ধন লৈ পলায়ন কৰিছিল ৷ তেওঁ নিজকে চিকিৎসক বুলি পৰিচয় দি পেছাত অধিবক্তা , চিকিৎসক আৰু উচ্চ শিক্ষিত মহিলাক টার্গেট কৰি লৈছিল ৷ আনকি অর্ধ-সামৰিক বাহিনীত কাম কৰা এগৰাকী মহিলাইয়ো তেওঁৰ প্ৰৱঞ্চনাৰ জালত ভৰি দিছিল ৷ আৰক্ষীয়ে তেওঁৰ পৰা ১১ খন এটিএম কাৰ্ড, চাৰিখন আধাৰ কাৰ্ড আৰু অন্যান্য নথিপত্ৰ জব্দ কৰে।ইয়াৰ পূৰ্বে তেওঁক নিবনুৱা যুৱকক প্ৰৱঞ্চনা কৰা আৰু ঋণ জালিয়াতিৰ বাবে হায়দৰাবাদ আৰু এৰ্নাকুলামত দুবাৰ গ্ৰেপ্তাৰ কৰা হৈছিল ৷