মহানগৰীৰ খ্ৰীষ্টানবস্তিৰ এখন বাৰত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এক মাৰপিটৰ ঘটনা । কামাখ্যা টাৱাৰত থকা বাৰখনত মদ্যপান কৰিবলৈ অহা গ্ৰাহক আৰু বাৰ কতৃপক্ষৰ মাজত কিবা কথাক লৈ সংঘাতৰ সৃষ্টি হয় আৰু এই সংঘাতে ভয়াৱহ ৰূপ ধাৰণ কৰে। প্ৰাপ্ত তথ্য অনুসৰি সংঘাতত লিপ্ত হোৱা গ্ৰাহক কেইজন জিএমচিএইছৰ ছাত্র।
খ্ৰীষ্টানবস্তিৰ কামাখ্যা টাৱাৰস্থিত কেইনকো লাউঞ্জ এণ্ড বাৰত এই ঘটনা সংঘটিত হৈছে৷ জিএমচিৰ ৪নং হোষ্টেলৰ আৱাসী কেইবাজনো ছাত্ৰই নিশা ৭.৩০বজাত বাৰ খনত প্ৰৱেশ কৰি নিশা প্ৰায় ১১.৩০ বজা পর্যন্ত মদ্যপান কৰিছিল। ছাত্ৰ কেইজনৰ আক্ৰমণত বাৰ খনৰ মেনেজাৰ জনে মূৰত আঘাত পায়।