আৰক্ষীৰ গুপ্তচৰ বুলি অভিযোগ কৰা মানস বৰগোঁহাই নামৰ যুৱকজনৰ মৃত্যুদণ্ডৰ পৰা ৰেহাই দিছে আলফা স্বাধীনে ৷ আলফা(স্বা)ৰ ম্যানমাৰৰ চলমান কেম্পত বন্দী মানস বৰগোহাঁইক মৃত্যুদণ্ডৰ পৰিৱর্তে এবছৰৰ সশ্ৰম কাৰাদণ্ড বিহা হৈছে ৷
আত্মসংশোধনৰ সুবিধাৰ বাবে আলফা(স্বা)ৰ সেনাধ্যক্ষ লৈ লিখিত আৱেদন দিছিল মানসে ৷ ।ঘৃণনীয়, জাতিদ্ৰোহী কাৰ্য পুনৰাই নকৰাৰ নিশ্চিয়তা প্ৰদান কৰিছিল মানস বৰগোঁইয়ে । অৱশ্যে তেওঁক ৫ বছৰলৈ সংগঠনৰ সদস্য পদৰ অযোগ্য ঘোষণা কৰা হৈছে । মানসক বৰগোহাঁইক এক বছৰ শাৰিৰীক শ্ৰমদানৰ শাস্তি প্ৰদান কৰাৰ লগতে ৪ বছৰ আলফা(স্বা)ৰ নিৰীক্ষণত থাকিব মানস বৰগোহাঁই। এয়া হ’ব মানস বৰগোহাঁইৰ অন্তিম সুযোগ।আজি এক বিবৃতিৰ জৰিয়তে এই কথা সদৰী কৰিছে আলফা স্বাধীনে ৷
উল্লেখ্য যে আলফা(স্বাঃ)-এ কেইবাটাও বিস্ফোৰক ভিডিঅ’ মুকলি কৰিছিল মানস বৰগোঁহাইৰ ৷ য’ত মানস চলিহা নামৰ এজন যুৱকে আলফা স্বাধীনত গুপ্তচৰগিৰি কৰিবলৈ প্ৰেৰণ কৰা বুলি অভিযোগ কৰিছিল ৷ মানস চলিহাই বহুকেইজন লোকক প্ৰশিক্ষণ দি আলফা স্বাধীনলৈ প্ৰেৰণ কৰাৰো অভিযোগ কৰিছিল ৷ ইয়াৰ পাছতে এই সমগ্ৰ বিষয়টোক লৈ যথেষ্ট বিতর্কৰ সূচনা হৈছিল ৷ ইয়াৰ পাজতে মানস বৰগোঁহাইক মৃত্যুদণ্ড নিদিবলৈ পিতৃ-মাতৃয়ে পৰেশ বৰুৱাক আহ্বান জনাইছিল ৷