দৰং জিলাৰ মঙলদৈত স্থাপন হ’বলগীয়া চিকিৎসা মহাবিদ্যালয়খনৰ বাবে দৰং জিলা প্রশাসনে ১৪৬ বিঘা ভূমিৰ আৱন্টনত অনুমোদন জনাইছে। দৰঙৰ জিলা আযুক্ত মুনীন্দ্ৰ নাথ নাটেৰ অধ্যক্ষতাত অলপতে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত মহকুমা ভূমি উপদেষ্টা ব’ৰ্ডৰ বিশেষ বৈঠকত প্ৰস্তাৱিত মঙলদৈ চিকিৎসা মহাবিদ্যালয়ৰ বাবে মঙলদৈ ৰাজহ চক্ৰৰ অন্তৰ্গত ৰঙামাটি মৌজাৰ কোঁৱৰপাৰা গাৱত ১৪৬ বিঘা মাটি আবন্টন দিবলৈ অনুমোদন জনায়।
সাংসদ দিলীপ শইকীয়া, বিধায়ক বসন্ত দাস, ড° পৰমানন্দ ৰাজবংশী আৰু মজিবৰ ৰহমান, মঙলদৈ, খাৰুপেটীয়া আৰু ছিপাঝাৰ পৌৰ সভাৰ সভানেত্রী, অতিৰিক্ত জিলা আযুক্ত গোপাল শর্মা প্রমুখ্যে বিষয়া আৰু সদস্যসকলৰ উপস্থিতিত অনুষ্ঠিত এই বিশেষ বৈঠকে জিলা আয়ুক্তৰ কার্যালয়টি সংহত জিলা আয়ুক্তৰ কাৰ্যালয় হিচাপে গঢ়ি তোলাৰ বাবে চিকিৎসা মহাবিদ্যালয়ৰ সমীপতে ত্রিশ বিঘা ভূমিৰ আৱণ্টনৰ বাবেও অনুমোদন জনায়। তদুপৰি নতুন আৱৰ্ত্ত ভৱন নিৰ্মাণৰ বাবেও পকাবাঙিপাৰা গাঁৱত ১৬ বিঘা ভূমিৰ আৱন্টন প্রস্তাৱত অনুমোদন জনায় কমিটীখনে ।
একেদৰে কৰ্মচাৰী ৰাজ্যিক বীমা চিকিৎসালয় স্থাপনৰ বাবেও মঙলদৈ মহাবিদ্যালয়ৰ সমীপৰ উপহুপাৰা গাঁৱত ৫বিঘা ভূমি আৱন্টনৰ প্ৰস্তাৱটোত সভাই অনুমোদন দিয়ে। জিলা সদৰ চহৰ মঙলদৈৰ বৰ্ধিত যান-জটৰ প্ৰতি লক্ষ্য ৰাখি জিলা আয়ুক্তৰ কাৰ্যালয় আৰু মঙলদৈ জিলা কাৰাগাৰ খন চহৰৰ দাতিকাষৰীয়া সুবিধাজনক স্থানলৈ স্থানান্তৰিত কৰিবলৈ সিদ্ধান্ত লোৱা হয়।