মণিপুৰৰ সাম্প্ৰদায়িক হিংসাৰ বাবে ৰাজধানী দিল্লীত পুনৰ বিক্ষোভ প্ৰদর্শন কৰা হৈছে । এইবাৰ জনজাতি কুকি-জো গোটৰ মহিলাসকলে মণিপুৰৰ পাহাৰীয়া জিলাসমূহৰ বাবে ‘পৃথক প্ৰশাসন’ৰ দাবীত ৰাজপথলৈ ওলাই আহিছে। শুকুৰবাৰে যন্তৰ মন্তৰত অনুষ্ঠিত প্ৰতিবাদী সমাৱেশত জনজাতি মহিলা সংগঠনে দাবী জনাইছে যে কেন্দ্ৰীয় চৰকাৰে দলবদ্ধ হিংসাৰ বলি হোৱা লোকসকললৈ প্ৰেৰণ কৰা সাহায্য সামগ্ৰীসমূহ সঠিকভাৱে বিতৰণ কৰা হোৱা নাই ৷ মেইটেই প্ৰভাৱিত মণিপুৰ চৰকাৰে সাহায্য সামগ্ৰী সঠিকভাৱে বিতৰণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৷ সেয়েহে নিৰপেক্ষভাৱে হিংসাৰ বলি হোৱা লোকসকলৰ সাহায্য আৰু পুনৰ সংস্থাপনৰ তদাৰক কৰিবলৈ জনজাতীয় জিলাসমূহৰ বাবে পৃথক প্ৰশাসনৰ প্ৰয়োজন বুলি তেওঃলোকে দাবী কৰিছে ।
কুকি বিধায়কসকলে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ প্ৰেৰণ কৰি মেইটেই প্ৰভাৱিত মণিপুৰ চৰকাৰে তেওঁলোকক সুৰক্ষা দিব নোৱাৰিব বুলি প্ৰকাশ কৰিছিল। সেয়েহে কুকি-জো লোকে বসবাস কৰা জিলাসমূহৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ সুকীয়া মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধান নিযুক্তিৰ দাবী জনায়। মণিপুৰৰ ১০জন কুকি-জো বিধায়কে স্বাক্ষৰ কৰিছে এই পত্ৰত। ইয়াৰে ৭ গৰাকী শাসকীয় বিজেপিৰ। চিঠিখনত তেওঁলোকে পোনপটীয়াকৈ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ নেতৃত্বত বিজেপি চৰকাৰৰ কাৰ্যকলাপৰ প্ৰতি অবিশ্বাস প্ৰকাশ কৰিছে।
একাংশ ৰাজনৈতিক পৰ্যবেক্ষকে ভাবে যে এই ঘটনাৰ বাবে গেৰুৱা শিবিৰৰ ভয় বাঢ়িছে। ইফালে, বৃহস্পতিবাৰে কেন্দ্ৰৰ উদ্বেগ বৃদ্ধি কৰিছে উত্তৰ-পূবৰ অন্যতম শক্তিশালী উগ্ৰপন্থী সংগঠন এন এছ চি এন (আই এম)য়ে। মণিপুৰৰ উখৰুল, সেনাপতিৰ দৰে জিলাত সক্ৰিয় উগ্ৰপন্থী সংগঠনটোৱে ৰাজ্যৰ নগা বিধায়কক ধমক দিছে। শেহতীয়াকৈ ৮ জন নগা বিধায়কে ৰাজ্যৰ ৩২ গৰাকী মেইটেই বিধায়কৰ সৈতে হাত মিলাই প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখিছে। পত্ৰখনত কুকি উগ্ৰপন্থী সংগঠনৰ সৈতে যুদ্ধবিৰতিৰ দাবী জনাইছে।
ইয়াৰ উপৰিও পত্ৰখনত কুকি অধ্যুষিত পাঁচখন জিলাৰ পৃথক প্ৰশাসনৰ দাবীৰ বিৰোধিতা কৰা হৈছে। কেন্দ্ৰৰ সৈতে শান্তি চুক্তি থকা নগা উগ্ৰপন্থী সংগঠন এন এছ চি এন (আই এম)ৰ এই পত্ৰৰ সৈতে নগা সম্প্ৰদায়ৰ স্বাৰ্থৰ কোনো সম্পৰ্ক নাই বুলি জানিবলৈ দিয়ে। গতিকে নগা বিধায়কসকলে চিঠিখনত চহী কৰা উচিত নাছিল। বুধবাৰে কুকি বিধায়কসকলেও সেই পাঁচখন জিলাত প্ৰধানমন্ত্ৰীৰ ওচৰত নিজৰ জাতিৰ আৰক্ষী অধীক্ষক নিযুক্তি দিয়াৰ দাবী উত্থাপন কৰে। শুকুৰবাৰে জনজাতি মহিলা সংগঠনেও মণিপুৰ আৰক্ষীৰ কমাণ্ডোৰ বিৰুদ্ধে পক্ষপাতিত্বমূলক আচৰণৰ অভিযোগ উত্থাপন কৰে।