ৰাজ্যসভাত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল পৰিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বৃহস্পতিবাৰে ৰাজ্যসভাৰ বিদায়ী সাংসদসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰাৰ সময়তে বৰ্তমানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীক প্ৰশংসা কৰে। ইয়াৰ উপৰিও মোদীয়ে উচ্চ সদনত মনমোহন সিঙৰ অৱদানৰ কথাও উল্লেখ কৰে।
দিল্লীত নিৰ্বাচিত চৰকাৰ (আম আদমী পাৰ্টি)ৰ পৰিৱৰ্তে কেন্দ্ৰই আমোলা নিযুক্তিৰ ওপৰত কেন্দ্ৰীয় নিয়ন্ত্ৰণৰ পক্ষত অধ্যাদেশ জাৰি কৰিছিল। যোৱা বছৰৰ আগষ্ট মাহত সংসদৰ উচ্চ সদনত ইয়াৰ ওপৰত ভোটদান হৈছিল। সেই ভোটদানত অংশগ্ৰহণ কৰিছিল মনমোহন সিঙে । কেন্দ্ৰৰ বিৰোধিতা কৰিবলৈ তেওঁক অসুস্থ অৱস্থাত হুইল চেয়াৰত বহি ভোট দিবলৈ অহা দেখা গৈছিল ৷ সেই বিষয়ত মোদীয়ে মনমোহন সিঙক প্ৰশংসা কৰে।
মোদীয়ে কয়, ‘ভোটৰ সময়ৰ কথা মোৰ মনত আছে। সকলোৱে জানিছিল যে ট্ৰেজাৰী বেঞ্চ জয়ী হ’ব। কিন্তু ইয়াৰ পিছতো মনমোহন সিঙে হুইল চেয়াৰত আহি ভোট দিলে। হুইল চেয়াৰতো তেওঁ কর্তব্য সম্পাদন কৰি গৈছে ৷ ” মনমোহন সিঙৰ এই সিদ্ধান্ত এজন সাংসদৰ কৰ্তব্যৰ প্ৰতি সচেতন হোৱাৰ এক উৎকৃষ্ট উদাহৰণ বুলিও মন্তব্য কৰে মোদীয়ে।
উল্লেখযোগ্য যে বৃহস্পতিবাৰে ৰাজ্যসভাৰ বিদায়ী সাংসদসকলক উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰৰ দিল্লীৰ বাসগৃহত আদৰণি জনোৱা হ’ব। তাৰ আগতে বিদায়ী সাংসদসকলে একেলগে ৰাষ্ট্ৰপতি ভৱনত এখন ফটো তোলাৰ কথা। পিছত সন্ধিয়া ৬:৩০ বজাত বিদায়ী সাংসদসকলে অধ্যক্ষৰ বাসগৃহত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত অংশগ্ৰহণ কৰিব।ৰাজ্যসভাৰ পৰা অৱসৰ লোৱা মনমোহন সিং অসমৰ পৰা বহু বছৰ ৰাজ্যসভাৰ প্ৰতিনিধি হিচাপে বাচনি হৈছিল ৷