জনপ্ৰিয় সামাজিক মাধ্যমসমূহৰ অন্যতম ফেচবুকৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিবলৈ বাধ্য হৈছে একাংশ ব্যৱহাৰকাৰী ৷ কিয়নো বহু খ্যাতনামা ব্যক্তি যিসকলে ফেচবুক ব্যৱহাৰ কৰি আছে, আকস্মিকভাৱে তেওঁলোকৰ অনুগামীৰ সংখ্যা হ্ৰাস পাবলৈ আৰম্ভ কৰিছে ৷ আনকি ফেচবুকৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গৰে নিম্নগামী হৈছে অনুগামীৰ সংখ্যা ৷ শেহতীয়াকৈ তেওঁ ১১৯ নিযুততকৈ অধিক অনুগামী হেৰুৱাইছে ৷ যাৰ ফলত তেওঁৰ অনুগামীৰ সংখ্যা ১০ হাজাৰৰ তললৈ নামি আহিছে।
আনহাতে নিৰ্বাসিত বাংলাদেশী লেখিকা তছলিমা নাছৰিনে টুইট কৰি কয়, “ফেচবুকে এনেকুৱা এক চুনামীৰ সৃষ্টি কৰিলে যিয়ে মোৰ প্ৰায় ৯ লাখ অনুগামী নাইকিয়া কৰি পেলালে ৷ ৰৈ গ’ল মাত্ৰ ৯০০০ জন অনুগামীহে ৷ “
মেটাৰ এগৰাকী মুখপাত্ৰই এই সন্দর্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “আমি সচেতন যে কিছুমান লোকে তেওঁলোকৰ ফেচবুক প্ৰফাইলত অসামঞ্জস্যহীন অনুগামীৰ পৰিৱর্তন প্ৰত্যক্ষ কৰিছে ৷ আমি যিমান পাৰো সোনকালে স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাৰ বাবে কাম কৰি আছো আৰু যিকোনো অসুবিধাৰ বাবে আমি ক্ষমা বিচাৰিছো।”