ক’ভিডৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই মাস্ক পৰিধানৰ ক্ষেত্ৰত সর্বাধিক গুৰুত্ব আৰোপ কৰিছে ৷ যাৰ বাবে দেশৰ প্ৰতিটো প্ৰান্ততে মাস্ক পৰিধান কৰাটো বাধ্যতামুলক কৰা হৈছিল ৷ কিন্তু এতিয়াৰে পৰা ৰাজ্যৰ দুখন ৰাজ্যত মাস্ক পৰিধান কৰাটো আৰু বাধ্যতামুলক নহয় ৷ ক’ভিডত আটাইটকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা দিল্লী আৰু মহাৰাষ্ট্ৰত মাস্ক পৰিধান কৰাটো বাধ্যতামুলক কৰি প্ৰদান কৰা নির্দেশনা প্ৰত্যাহাৰ কৰা হৈছে ৷ অৱশ্যে জনবহুল এলেকা সমুহত নাগৰিক সকলক মাস্ক পৰিধান কৰিবলৈ পৰামর্শ আগবঢ়োৱা হৈছে ৷ ক’ভিডৰ সংক্ৰমন হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত দিল্লী আৰু মুম্বাইত এই নির্দেশনা প্ৰত্যাহাৰ কৰা হৈছে ৷
বৃহস্পতিবাৰে লেফটেনেণ্ট গৱৰ্ণৰ অনিল বৈজালৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত দিল্লী দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই ১ এপ্ৰিলৰ পৰা ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰাৰ বাবে ৫০০ টকাৰ জৰিমনা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লয়। যোৱা মাহত এই জৰিমনা ২,০০০ টকাৰ পৰা ৫০০ টকালৈ হ্ৰাস কৰা হৈছিল।দিল্লীৰ বেছিভাগ কোভিড সম্পৰ্কীয় নিষেধাজ্ঞা যোৱা মাহত প্ৰত্যাহাৰ কৰা হৈছিল ৷ সকলো বিদ্যালয় শুকুৰবাৰৰ পৰা কেৱল অফলাইন যোগে ক’ৰা হ’ব ৷ মহাৰাষ্ট্ৰত, চৰকাৰে ঘোষণা কৰিছে যে ২ এপ্ৰিলৰ পৰা সকলো নিষেধাজ্ঞা উঠাই লোৱা হ’ব। “গুদি পড়ৱা হৈছে নতুন বছৰৰ আৰম্ভণি। এয়া নতুন কাম আৰম্ভ কৰাৰ সময় ৷যোৱা দুবছৰ ধৰি, আমি সফলতাৰে মাৰাত্মক কৰোনা ভাইৰাছৰ সৈতে যুঁজিছো ৷ “