এলন মাস্কে টুইটাৰৰ দায়িত্ব লোৱাৰ লগে লগে কেইবাজনো ব্যৱহাৰকাৰীয়ে প্লেটফৰ্ম এৰি ইয়াৰ বিকল্পৰ অনুসন্ধান কৰিছে ৷ কিয়নো ব্লু টুক থকা একাউণ্টৰ বাবে মাচুল নির্ধাৰণ কৰাৰ লগতে টুইটাৰৰ যথেষ্ট সালসলনি কৰা হৈছে ৷ এনে সময়তে টুইটাৰৰ সলনি একাংশ ব্যৱহাৰকাৰীৰ মাজত জনপ্ৰিয় হৈ পৰিছে মাষ্ট’ড’ন নামৰ ছছিয়েল নেটৱর্কিং ছাইটৰ ৷ টুইটাৰৰ বিকল্প হিচাপে ব্যৱহাৰ বৃদ্ধি পোৱাৰ ফলত মাষ্ট’ড’নৰ ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি পাইছে ৷ অৱশ্যে এই প্লেটফৰ্ম নতুন নহয় ৷ ২০১৬ চনৰ পৰাই ই চলি আহিছে যদিও শেহতীয়াকৈ টুইটাৰত হোৱা সালসলনিয়ে ইয়াৰ ভাগ্য সলনি কৰিছে। মাষ্ট’ড’ন ব্যৱহাৰ কৰি পোষ্ট কৰা বাৰ্তাসমূহক টুটচ (toots) বুলি জনা যায়।
মাষ্ট’ড’ন কি?
মাষ্ট’ড’ন হৈছে মুক্ত উৎসৰ “টুইটাৰৰ মাইক্ৰ’ব্লগিং বিকল্প”। ই কেন্দ্ৰীভূতভাৱে কাম নকৰে যদিও ইয়াত বহুতো স্বতন্ত্ৰ আৰু ব্যৱহাৰকাৰীৰ দ্বাৰা পৰিচালিত চাৰ্ভাৰ আছে। এই চাৰ্ভাৰসমূহ স্থান, চহৰ বা আগ্ৰহ অনুসৰি প্ৰস্তুত কৰা হয় ৷ ব্যৱহাৰকাৰীয়ে আনৰ সৈতে মুক্তভাৱে যোগাযোগ কৰিব পাৰে। ই টুইটাৰৰ দৰেই কাম কৰে ৷ অৰ্থাৎ ব্যৱহাৰকাৰীয়ে আন ব্যৱহাৰকাৰীক টেগ কৰিব পাৰে, মিডিয়া শ্বেয়াৰ কৰিব পাৰে আনকি আন একাউণ্টকো অনুসৰণ কৰিব পাৰে। দুয়োটা মাইক্ৰ’ব্লগিং প্লেটফৰ্মৰ মাজত একমাত্ৰ পৃথক বৈশিষ্ট্য হৈছে স্বতন্ত্ৰ চাৰ্ভাৰ।
কিমানজন ব্যৱহাৰকাৰীয়ে মাষ্ট’ড’ন ত যোগদান কৰিছে?
মাষ্ট’ড’নৰ মতে, এতিয়া ইয়াৰ ৬ লাখ ৫৫ হাজাৰতকৈ অধিক ব্যৱহাৰকাৰী আছে ৷ কেবল যোৱা সপ্তাহত ২ লাখ ৩০ হাজাৰৰো অধিক ব্যৱহাৰকাৰীয়ে যোগদান কৰিছে। প্ৰথমে ইউজেন ৰ’চকোৱে এই প্লেটফৰ্মটো সৃষ্টি কৰিছিল ৷ ২০১৬ চনত হেকাৰ নিউজত এই প্লেটফৰ্মৰ কথা তেওঁ ঘোষণা কৰে ৷
মাষ্ট’ড’নত নিয়ন্ত্ৰণ আছেনে?
বৰ্তমান সকলো চাৰ্ভাৰতে নিজস্ব নিয়ন্ত্ৰণ আছে ৷ এই চাৰ্ভাৰবোৰে আনক ব্লক কৰিব পাৰে য’ত ঘৃণামূলক ভাষণ প্ৰচাৰ কৰা হৈছে। চাৰ্ভাৰৰ পৰিচালনা কৰা সকলে যিকোনো মন্তব্যৰ ৰিপৰ্ট দিব পাৰে ৷
কোনে কোনে মাষ্ট’ড’নত যোগ কৰিছে?
সাংবাদিক মলি জং-ফাষ্ট, আৰু অভিনেতা তথা কমেডিয়ান কেথী গ্ৰীফিনে ক্ৰমে অক্টোবৰ আৰু নৱেম্বৰ মাহত এই প্লেটফৰ্মত যোগদান কৰে।বিশ্ববিদ্যালয়ৰ অধ্যাপককে ধৰি বহুসংখ্যক বিশিষ্ট ব্যৱহাৰকাৰীয়ে টুইটাৰ এৰি মাষ্ট’ড’নত যোগ দিছে ৷