ৰাজ্য চৰকাৰৰ কর্মচাৰীসকললৈ পিতৃ-মাতৃ বন্দনাৰ বাবে পুনৰ দুদিন বিশেষ ছুটী ঘোষণা কৰা হৈছে ৷ অহা ৬ আৰু ৮ নৱেম্বৰত এই ছুটী লাভ কৰিব চৰকাৰী কর্মচাৰীসকলে ৷ অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত কর্মচাৰীসকলে এই ছুটী পর্যায়ক্ৰমে লাভ কৰিব ৷ পিতৃ-মাতৃ,শহুৰ-শাহুৰ আৱর্তমানত এই ছুটী প্ৰযোজ্য নহ’ব ৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই এই কথা প্ৰকাশ কৰিছে ৷
উল্লেখ্য যে চৰকাৰী কর্মচাৰীসকলক যদিও দুটা দিন বিশেষ ছুটী প্ৰদান কৰা হৈছে , তেওঁলোকক আন বন্ধৰ সৈতে এই ছুটী মিলাই দিয়াৰ বাবে মুঠ ৫ দিন চৰকাৰী কার্যালয়সমূহ বন্ধ থাকিব ৷ ৭ নৱেম্বৰত ষট্ পূজা উপলক্ষে বন্ধ থাকিব চৰকাৰী কর্মচাৰী ৷ আনহাতে ৯ নৱেম্বৰ হ’ব দ্বিতীয় শণিবাৰ ৷ ১০ ডিচেম্বৰত দেওবাৰ ৷ গতিকে চৰকাৰী কর্মচাৰীসকলে মুঠ ৫ দিন একেলগে বন্ধ লাভ কৰিব ৷
লক্ষণীয় যে এই ছুটী ব্যক্তিগত উপভোগৰ বিপৰীতে কেৱল বৃদ্ধ মাতৃ-পিতৃ বা বৈবাহিক সূত্ৰ সম্বন্ধীয় মাতৃ-পিতৃৰ সৈতে সন্মান সহকাৰে সময় অতিবাহিত কৰাৰ বাবে বা তেওঁলোকৰ যত্ন লোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব লাগিব বুলি উল্লেখ কৰা হৈছে ৷