ৰাজ্যৰ ৮০ খন পৌৰসভাৰ বাবে অনুষ্ঠিত নির্বাচনৰ ফলাফল কাইলৈ ঘোষণা কৰা হ’ব ৷ কাইলৈ পুৱাৰ পৰাই বিভিন্ন জিলাত স্থাপন কৰা ষ্ট্ৰং ৰুম সমূহত ভোটগণনা আৰম্ভ হ’ব ৷ যোৱা ৬ মার্চত ৰাজ্যৰ পৌৰসভা নির্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হয় ৷ মুঠ ৯৭৭ টা ৱার্ডৰ বাবে নির্বাচন অনুষ্ঠিত কৰিছিল ৷ ইয়াৰে ৫৭ টা ৱার্ডত বিনা প্ৰতিদ্বন্দিতাৰে একাংশ প্ৰার্থীয়ে জয়লাভ কৰে ৷ যাৰ বাবে ৯২০ টা ৱার্ডৰ বাবে নির্বাচন অনুষ্ঠিত হয় ৷ ৬ মার্চত অনুষ্ঠিত নির্বাচনত ভোটগ্ৰহণৰ হাৰ আছিল প্ৰায় ৭০ শতাংশ ৷মুঠ ২,৫৩২ জন প্ৰার্থীয়ে পৌৰসভা নির্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷ ইয়াৰে ৮২৫ জন বিজেপিৰ,৭০৬জন কংগ্ৰেছৰ,২৪৩ জন অগপৰ আৰু ৭৫৮ জন নির্দলীয় প্ৰার্থী ৷