যোৱা ১ অক্টোবৰ তাৰিখে নিশা মহানগৰীৰ জি. এছ. ৰ’ডত কৰ্মৰত ৮ জনকৈ শ্ৰমিকক গাড়ীৰে মহতিয়াই থৈ যোৱা সুৰামত্ত ৰাজকন্যা বৰুৱাক আৰক্ষীৰ ৰহস্যজনক স্থিতিৰ বাবে পিছদিনাই আদালতত জামিন মঞ্জুৰ কৰা হয়।
উক্ত ঘটনাক কেন্দ্ৰ কৰি জনসাধাৰণৰ মাজত সংবাদ আৰু সামাজিক মাধ্যমত তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হয়। পিছত শীৰ্ষ আৰক্ষী বিষয়াৰ তৎপৰতাত নতুন তদন্ত কমিটি গঠন কৰি বিষয়টোত গুৰুত্ব প্ৰদান কৰে।
কালি দিছপুৰ আৰক্ষীয়ে ৰাজকন্যা বৰুৱাক দিছপুৰ থানাত হাজিৰ হ’বলৈ চমন জাৰি কৰিছিল। কিন্তু ৰাজকন্যা বৰুৱাই অসুস্থতাৰ অজুহাতত আৰক্ষীৰ পৰা ১৪ দিনৰ সময় বিচাৰিছিল।
সুৰাপান কৰি সংবাদ মাধ্যমৰ সন্মুখত অভদ্ৰ আচৰণ কৰা সুস্থ ৰাজকন্যা বৰুৱা সম্প্ৰতি GNRC হস্পিতালত ৰহস্যজনক ভাবে চিকিৎসাধীন হৈ আছে।
আজি মেডিকেল বৰ্ডৰ এটা টীমে ৰাজকন্যা বৰুৱাৰ অসুস্থতাৰ পৰীক্ষা কৰিব। যদি এয়া সঁচা নহৈ ৰাজকন্যা বৰুৱাৰ অভিনয় হয়, তেন্তে তেওঁৰ লগতে GNRC হস্পিতাল কৰ্তৃপক্ষয়ো নিশ্চয় আইনৰ আওতাত আহি পৰিব।
ইয়াৰ পূৰ্বেও কেইবাটাও গোচৰত অভিযুক্ত ৰাজকন্যা বৰুৱাৰ বিপক্ষে কোনো ব্যৱস্থা গ্ৰহণ নোহোৱা কথাই সাধাৰণ ৰাইজৰ আৰক্ষীৰ স্থিতিৰ ওপৰত সন্দেহ ওপজিছে।