তামিলনাডুৰ কোনো শিক্ষাৰ্থীয়ে এতিয়াৰ পৰা চিকিৎসক হ’বলৈ প্ৰৱেশ পৰীক্ষা দিব নালাগে। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত লাভ কৰা নম্বৰৰ ওপৰতে নিৰ্ধাৰিত হ’ব আসন লাভৰ অংক।
তামিলনাডু চৰকাৰে বৃহৎ সিদ্ধান্তৰ যোগেদি ৰাজ্যখনত এন ই ই টিৰ পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তামিলনাডু বিধানসভাত সোমবাৰে গৃহীত বিধায়কখনৰ জৰিয়তে এম বি বি এচ আৰু বি ডি এচত নামভৰ্তিৰ বাবে হায়াৰ চেকেণ্ডেৰী পৰীক্ষাৰ নম্বৰেই যথেষ্ঠ হ’ব।
তামিলনাডু এন ই ই টি বিৰোধী বিধেয়ক ২০২১খন ৰাজ্যিক বিধান সভাত মুখ্যমন্ত্ৰী এম কে ষ্টালিনৰ দ্বাৰা গৃহীত হয়। এন ই ই টি পৰীক্ষাৰ আগতে এজন ১৯ বছৰীয়া চিকিৎসা আকাংক্ষীক মৃত অৱস্থাত পোৱাৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।
ছাত্ৰ-ছাত্ৰীৰ মানসিক স্থিতি তথা ভৱিষ্যতৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্ধাৰণ কৰা বিধেয়কখনত কোৱা হৈছে যে এন ই ই টি নামভৰ্তিৰ এক ন্যায়সঙ্গত পদ্ধতি নহয়।